
কলকাতা, ২০ ফেব্ৰুৱাৰী (হি.স.)। নিৰ্বাচন আয়োগে নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ)ৰ পিছত দাবী আৰু আপত্তিৰ শুনানিৰ সময়ত লাভ কৰা পৰিচয় পত্ৰ আপলোড কৰাৰ প্ৰক্ৰিয়াত ইচ্ছাকৃতভাৱে বিলম্ব কৰাৰ বাবে পশ্চিম বংগৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়া আৰু সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়াক চিনাক্ত কৰিছে।
ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা পোৱা সূত্ৰ অনুসৰি এই গোচৰত প্ৰায় ১২০ৰ পৰা ১৫০জন নিৰ্বাচনী পঞ্জীয়ন বিষয়া আৰু সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়াক দোষী সাব্যস্ত কৰা হৈছে। অৱশ্যে ইয়াৰ লগত জড়িত বিষয়াৰ আনুষ্ঠানিক সংখ্যা এতিয়াও প্ৰকাশ কৰা নাই আয়োগে।
সূত্ৰসমূহে জনোৱা মতে, ১৪ ফেব্ৰুৱাৰীত শুনানিৰ অধিবেশনৰ বৰ্ধিত সময়সীমা শেষ হোৱাৰ পিছতো একাংশ বিষয়াই নথি-পত্ৰ আপলোড প্ৰক্ৰিয়াত পাঁচ দিনৰ বাবে বিলম্ব কৰিছিল। এই কথিত উদাসীনতাৰ বাবেই বহু সংখ্যক ভোটাৰৰ নথি-পত্ৰ ব্যৱস্থাটোত পঞ্জীয়ন নোহোৱাকৈয়ে আছে। এই নথি-পত্ৰসমূহ আপলোড আৰু পঞ্জীয়ন নকৰালৈকে ইয়াৰ সঠিক পৰীক্ষণ অসম্ভৱ। এনে পৰিস্থিতিত ২১ ফেব্ৰুৱাৰীৰ ভিতৰত নথি পৰীক্ষণ সম্পূৰ্ণ কৰাৰ বৰ্তমানৰ সময়সীমাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
তেওঁ লগতে ইংগিত দিয়ে যে যদিহে নথি পৰীক্ষণৰ সময়সীমা বৃদ্ধিৰ প্ৰয়োজন হয় তেন্তে ২৮ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ নিৰ্ধাৰিত তাৰিখও পিছুৱাই দিয়া হ’ব পাৰে।
সূত্ৰ অনুসৰি জনপ্ৰতিনিধিত্ব আইনৰ বিধানৰ অধীনত দোষী সাব্যস্ত হোৱা বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আয়োগ প্ৰতিশ্ৰুতিবদ্ধ। এই সন্দৰ্ভত ইতিমধ্যে দুজন নিৰ্বাচনী পঞ্জীয়ন বিষয়া, নজন সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া, এজন তথ্য প্ৰৱেশ বিষয়া আৰু তিনিজন ক্ষুদ্ৰ পৰ্যবেক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া