
কামৰূপ, ২০ ফেব্ৰুৱাৰী (হি.স.)। ৰঙিয়া বিছেন্নালাত অনুষ্ঠিত হ'বলগীয়া ৭৭তম শ্ৰী শ্ৰীমহাবিষ্ণু যজ্ঞ মহোৎসৱক লৈ চলিছে ব্যাপক প্ৰস্তুতি।অহা ২২ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ ছদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱ।
এক আধ্যাত্মিক ৰীতি-নীতি তথা ধৰ্মীয় পৰম্পৰাৰে উৎযাপন কৰা হ'ব এই শ্ৰী শ্ৰীমহাবিষ্ণু যজ্ঞ মহোৎসৱ ভাগি।ছদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া শ্ৰীশ্ৰীমহাবিষ্ণ যজ্ঞ মহোৎসৱক লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে উদযাপন সমিতিয়ে গতিকে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু