
মৰিগাঁও, ২০ ফেব্ৰুৱাৰী (হি.স.)। ২০ ,২১ আৰু ২২ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ জাগীৰোডৰ ছগ্ৰাচালত অসম জনজাতি সাংস্কৃতিক মহাসভাৰ দ্বিতীয় ৰাজ্যিক সাংস্কৃতিক সমাৰোহ জাগীৰোডৰ ছগ্ৰাচালত আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হʼব অসম জনজাতি সাংস্কৃতিক মহাসভাৰ দ্বিতীয় ৰাজ্যিক সাংস্কৃতিক সমাৰোহ ৷
ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে প্ৰস্তুতি তুংগত কৰি তুলিছে ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জনগোষ্ঠীয় লোক নৃত্যৰ দল সমূহক আদৰিবলৈ আগ্ৰহেৰে বাট চাই আছে অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া সকল ৷ লগতে জনগোষ্ঠীয় খাদ্য আৰু বস্ত্ৰ বিপনী সমূহ সাজু হৈ উঠা পৰিলক্ষিত হৈছে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু