
বাক্সা, ২০ ফেব্ৰুৱাৰী (হি.স.)। বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্য্যই হাত বাউলী মাতিছে পৰ্যটকক। মানাহ ৰাষ্ট্ৰীয় উদ্যান ৰাঙলী হৈ পৰিছে পলাশ, শিমলু, মদাৰ ফুলেৰে । ফুলৰ ৰস পান কৰিবলৈ আগমন ঘটিছে ভিন্ন প্ৰজাতিৰ সৰু, বৰ চৰাই - চিৰিকটিৰ।
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলত দেখিবলৈ পোৱা গৈছে এই দৃশ্য। এই দৃশ্য উপভোগ কৰি আনন্দত আত্মহাৰা হৈ পৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিবলৈ অহা দেশী-বিদেশী পৰ্যটকসকল।
উল্লেখ্য যে মানাহৰ জীপ ছাফাৰি সংস্থাৰ সম্পাদক তথা প্ৰকৃতিপ্ৰেমী বুবুল নাথে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আহিবলৈ আহ্বান জনাইছে সকলোকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা