
বিশ্বনাথ, ২০ ফেব্ৰুৱাৰী (হি.স.): বিশ্বনাথ জিলা চিকিৎসালয়ৰ পৰা চুৰি হয় এখন ই ৰিক্সা । বিশ্বনাথৰ মোনাবাৰী সাধুখুটিৰ শচীন ৰহী দাসৰ ই-ৰিক্সা খন চিকিৎসালয় চৌহদৰ পৰাই চুৰি হয়। দেউতাক মোহন ৰহী দাসক বিশ্বনাথ জিলা চিকিৎসালয়ত চিকিৎসাৰ বাবে আনিছিল শচীন ৰহী দাসে।
চিকিৎসালয়ৰ চৌহদৰ পৰাই যোৱা কালি বৃহস্পতিবাৰে আবেলি শচীন ৰহী দাসৰ ই-ৰিক্সা খন কোনো দুৰ্বৃত্তই চুৰি কৰি লৈ যায়। শচীন ৰহী দাসৰ এক মাত্ৰ উপাৰ্জনৰ পথ ই-ৰিক্সা খন চুৰি হোৱাত তেওঁ ভাগি পৰে। লগে লগে শচীন ৰহী দাসে বিশ্বনাথ জিলা সদৰ থানাৰ কাষ চাপে। জানিব পৰা মতে ই-ৰিক্সা খন আছিল এৰোঊ (ARROW) কোম্পানীৰ। ই-ৰিক্সা খনৰ নম্বৰ এএছ ৩২ ইআৰ ৬৯০০ বুলি জনা গৈছে। ইতিমধ্যে বিশ্বনাথ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ