টংলাৰ এগৰাকী মহিলাৰ স্বাৱলম্বিতাৰ নিদৰ্শন
ওদালগুৰি, ২০ ফেব্ৰুৱাৰী (হি.স.)। ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে ওদালগুৰি জিলাৰ টংলাৰ খগেন কলিতাৰ পত্নী আইজনি কলিতা নামৰ মহিলা গৰাকীয়ে। নিজ ঘৰতে মহিলা গৰাকীয়ে আদভিক ইণ্ডাষ্ট্ৰী নামৰ এটি ধূপকাঠিৰ থলুৱা উদ্যোগ স্থাপন কৰি ন
টংলাৰ এগৰাকী মহিলাৰ স্বাৱলম্বিতাৰ নিদৰ্শন


ওদালগুৰি, ২০ ফেব্ৰুৱাৰী (হি.স.)। ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে ওদালগুৰি জিলাৰ টংলাৰ খগেন কলিতাৰ পত্নী আইজনি কলিতা নামৰ মহিলা গৰাকীয়ে। নিজ ঘৰতে মহিলা গৰাকীয়ে আদভিক ইণ্ডাষ্ট্ৰী নামৰ এটি ধূপকাঠিৰ থলুৱা উদ্যোগ স্থাপন কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহটা পৰিয়ালকো সংস্থাপনৰ সুযোগ প্ৰদান কৰিছে ।

মহিলা গৰাকীৰ উদ্যোগত উৎপাদিত ভিন্ন সুগন্ধিযুক্ত ধূপকাঠিয়ে ইতিমধ্যে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে গ্ৰাহকৰ মাজত । কেৱল ৰন্ধা বঢ়া আৰু ঘৰৰ চাৰিবেৰৰ মাজতে আবদ্ধ নাথাকি টংলাৰ আইজনি কলিতাই দেখুওৱা স্বাৱলম্বিতাৰ নিদৰ্শন সমাজৰ আন মহিলা সকলৰ বাবে এক আদৰ্শ ৷ আজিও সমাজৰ বহু চাকৰি বঞ্চিত মহিলাই ঘৰৰ চাৰিবেৰৰ মাজতে নিজক আৱদ্ধ কৰি ৰাখিছে । পতিৰ উপাৰ্জনৰ টকা কেইটালৈ ৰৈ বহু মহিলাই হীনমন্যতাত ভূগি আহিছে। তেনে সময়ত টংলাৰ এইগৰাকী মহিলাই নিজ ঘৰতে থলুৱা উদ্যোগ স্থাপন কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে আন বহুকেইটা পৰিয়ালৰ পেটৰ ভাতমুঠি মোকলাই দিয়া কাৰ্য সমাজৰ বাবে এক আশাৰ বতৰা ৷ কোনো ধৰণৰ চৰকাৰী সাহাৰ্য অবিহনে একক প্ৰচেষ্টাৰে আগবাঢ়ি যোৱা মহিলা গৰাকী সমাজৰ অন্যান্য মহিলা সকলৰ বাবে হৈ উঠক এক আদৰ্শ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande