
গুৱাহাটী, ২০ ফেব্ৰুৱাৰী (হি.স.)। আজি ভাৰতবৰ্ষক সমগ্র বিশ্বৰ সন্মুখত লজ্জিত কৰিলে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে ভাৰতক অপমান কৰাৰ এক পৰিকল্পিত ষড়যন্ত্র ৰচিছিল। কংগ্ৰেছ কর্মীসকলক বিশ্বৰ সর্ববৃহৎ এ আই ইম্পেক্ট চামিট-ত ৰাজনৈতিক পোষ্টাৰ লৈ নগ্ন হৈ দৌৰিবলৈ নির্দেশ দি ৰাজনীতিত এক অত্যন্ত চিন্তাজনক নিম্নস্তৰ স্পৰ্শ কৰিছে। ৰাহুল গান্ধীৰ প্ৰেৰণা আৰু উদ্যোগত সংঘটিত এই লজ্জাজনক ঘটনাই কংগ্ৰেছ দলৰ সম্পূর্ণ আদৰ্শৰ পতনক উন্মোচন কৰিছে।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত উদ্ভাৱন, অগ্রগতি আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্রতীক। কিন্তু ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দল বাধা আৰু নেতিবাচক ৰাজনীতিত লিপ্ত হৈছে বুলি মুখপাত্র জয়ন্ত কুমাৰ গোস্বামীয়ে উল্লেখ কৰে।
এয়া স্পষ্ট যে এ আই ইম্পেক্ট চামিটৰ মর্যাদা হানি কৰিবলৈ কংগ্রেছে আগতেই এক ষড়যন্ত্র ৰচিছিল। ৰাহুল গান্ধীৰ নিৰ্দেশত কিছুমান ব্যক্তিক একত্রিত কৰি, সম্মিলনত পঞ্জীয়ন কৰাই, এই অপমানজনক কার্য সংঘটিত কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰে মুখপাত্র গৰাকীয়ে । ইতিমধ্যে এই ঘটনাত চাৰি গৰাকী কংগ্রেছ নেতা গ্রেপ্তাৰ কৰা হৈছে- কৃষ্ণ হৰি ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সম্পাদক, বিহাৰ যুৱ কংগ্ৰেছৰ সম্পাদক কুন্দন যাদৱ, উত্তৰ প্ৰদেশ যুব কংগ্ৰেছৰ উপ-সভাপতি অজয় কুমাৰ আৰু ৰাষ্ট্ৰীয় যুব কংগ্ৰেছৰ সমন্বয়ক নৰসিংহ যাদব। যেতিয়া বুর্জ খলিফাই ভাৰতৰ এ আই ইম্পেক্ট চামিটক অভিনন্দন জনাইছিল আৰু বিশ্বৰ প্রযুক্তি নেতা আৰু ৰাষ্ট্ৰপ্রধানসকলে ভাৰতৰ নেতৃত্বৰ প্ৰশংসা কৰিছিল, তেতিয়া ৰাহুল গান্ধী আৰু কংগ্রেছে দেশৰ ভাবমূর্তি ক্ষতিগ্রস্ত কৰাৰ চেষ্টা কৰিছিল।
কংগ্ৰেছে বিশ্ব মঞ্চত ভাৰতক লজ্জিত কৰিবলৈ অপচেষ্টা কৰিছিল বুলি অভিযোগ আনে মুখপাত্র গৰাকীয়ে। মুখপাত্র গৰাকীয়ে কয় যে এই সকলো কাৰ্যৰ মূল কাৰণ হৈছে ৰাহুল গান্ধীয়ে ভাৰতৰ বৈশ্বিক অগ্রগতি সহ্য কৰিব নোৱাৰা। বৰ্তমানৰ ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলৰ আচৰণে ভাৰতৰ শত্ৰুৰ স্বাৰ্থক সহায় কৰা যেন দেখা গৈছে। কংগ্ৰেছ দলটোৱে সদায়ে ভাৰতৰ সফলতাৰ বিৰোধিতা কৰি আহিছে আৰু ৰাষ্ট্ৰীয় সুৰক্ষাক লৈ সন্দেহ উত্থাপন কৰি আহিছে। জি ২০ সম্মিলন ২০২৩ ত যেতিয়া বিশ্বই ভাৰতৰ নেতৃত্বৰ প্ৰশংসা কৰিছিল, তেতিয়া কংগ্রেছে সমালোচনাৰ বাহিৰে আন একো আগবঢ়োৱা নাছিল।
সেনাবাহিনীক হেয় কৰা কংগ্ৰেছে দলটোৱে অপাৰেচন সিন্দুৰ চাৰ্জিকেল ষ্টাইক, এয়াৰ ষ্ট্ৰাইক আৰু ডকলামৰ সমুখসমৰৰ সময়তো ভাৰতীয় সশস্ত্র বাহিনীৰ কাৰ্যকলাপ সন্দেহৰ চকুৰে চাইছিল । সংসদত, বিদেশী প্রতিনিধি উপস্থিতিতো, বিৰোধী সাংসদসকলে বিশৃঙ্খলা সৃষ্টি কৰি ভাৰতৰ ভাৱমূর্তি নষ্ট কৰিবলৈ চেষ্টা কৰিছিল । প্রধানমন্ত্রীয়ে গুৰুত্বপূর্ণ আন্তর্জাতিক চুক্তি নিশ্চিত কৰাৰ সময়তো কংগ্ৰেছে নিৰন্তৰ আৰু ভিত্তিহীন সমালোচনা অব্যাহত ৰাখিছে। পূৰ্বৰ কংগ্রেছ শাসনত দিল্লী, মুম্বাই আৰু লক্ষ্ণৌ আদি চহৰত সঘনাই বোমা বিস্ফোৰণ হৈছিল, আজি ভাৰতে জি ২০ আৰু এ আই চামিট আয়োজন কৰে এই পৰিবর্তন কংগ্ৰেছে গ্রহণ কৰিব নোৱাৰা যেন দেখা গৈছে বুলি মুখপাত্র গৰাকীয়ে উল্লেখ কৰে। ইণ্ডিয়া এ আই ইম্পেক্ট চামিটৰ ব্যাপকতা বিঘ্নৰ চেষ্টা সত্ত্বেও, সম্মিলনখন ভাৰতৰ বাবে এক বৃহৎ সফলতা হিচাপে পৰিগণিত হৈছে। ১০০ৰো অধিক দেশ এই সন্মিলনত অংশগ্রহণ কৰিছে।
বহু ৰাষ্ট্রপ্রধান, এ আই খণ্ডৰ শীর্ষ নেতা আৰু বৃহৎ কোম্পানীৰ চি ই অ-সকলে ভাৰতৰ উদ্যোগ, প্রযুক্তিগত উদ্ভাবন আৰু নেতৃত্বৰ প্রশংসা কৰিছিল । প্রায় ২০ গৰাকী ৰাষ্ট্ৰপ্রধান আৰু বহুতো মন্ত্রী উপস্থিত হৈছে। হাজাৰ হাজাৰ বৈশ্বিক চি ই অ, গৱেষক, ষ্টার্টআপ আৰু নীতি-নিৰ্ধাৰকসকল অংশগ্রহণ কৰে। অনুষ্ঠানটোত ২.৫ লাখতকৈ অধিক পঞ্জীয়ন হৈছিল আৰু হাজাৰ হাজাৰ বক্তা আৰু প্ৰদৰ্শক উপস্থিত হৈছে। এই এক্সপ'ত প্রায় ৩০ খন দেশৰ ৩০০তকৈ অধিক প্রদর্শক অংশগ্রহণ কৰিছে বুলি মুখপাত্র গৰাকীয়ে উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী