
বঙাইগাঁও, ২০ ফেব্ৰুৱাৰী (হি.স.): বঙাইগাঁও জিলাৰ যোগীঘোপাত যোৱা কালি বৃহস্পতিবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাত পতিত হয় চৰকাৰী বিনামূলীয়া পাঠ্যপুথি কঢ়িওৱা ট্ৰাক এখন । চৰকাৰী বিনামূলীয়া পাঠ্যপুথি ভৰ্তি ট্ৰাকে খুন্দিয়ালে ডাম্পাৰক । ফলত গুৰুতৰ ভাৱে আহত হয় গাড়ীচালক জন । আহত চালকজন ধুবুৰী জিলাৰ শালকোচাৰ নুনমাটিৰ পবিত্ৰ বৰ্মন বুলি পৰিচয় পোৱা গৈছে । যোগীঘোপাৰ বালাপাৰা বজাৰত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷
বালাপাৰাৰ বেলতলীৰ পৰা আহি যোগীঘোপা চাপৰ সংযোগী পথত উঠিয়েই নিয়ন্ত্ৰণ হেৰুৱাই ১১০৯ ট্ৰাক খনে পথৰ বিপৰীত দিশত থিয় হৈ থকা ডাম্পাৰ খনক প্ৰচণ্ড জোৰেৰে খুন্দিয়াই দিয়ে । ট্ৰাক খনে গুৱাহাটীৰ পৰা পাঠ্যপুথি বইটামাৰী খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ কঢ়িয়াই আনিছিল । পাঠ্যপুথি কঢ়িওৱা ট্ৰাক খনৰ নম্বৰ এএছ ০১ জিচি ৬৬৮২ হোৱাৰ বিপৰীতে ডাম্পাৰ খনৰ নম্বৰ এএছ ১৬ চি ২৪১১ বুলি জনা গৈছে। ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ পবিত্ৰ বৰ্মনক আহত অৱস্থাত উদ্ধাৰ কৰি চলন্তাপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ