হাজোৰ চ'ৰাবৰীত ভয়ঙ্কৰ পথ দুৰ্ঘটনা
হাজোৰ চ'ৰাবৰীত ভয়ঙ্কৰ পথ দুৰ্ঘটনা।
হাজোৰ চ'ৰাবৰীত ভয়ঙ্কৰ পথ দুৰ্ঘটনা


কামৰূপ, ২০ ফেব্ৰুৱাৰী (হি.স.): হাজোৰ চ'ৰাবৰীত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয় । চ'ৰাবৰী কালী মন্দিৰৰ সমীপত তীব্ৰবেগী দুই বাইকৰ মুখামুখি সংঘৰ্ষ লাগে।

জানিব পৰামতে, এএছ ২৫ কিউ ৪২১২ নম্বৰৰ আৰ১–৫ আৰু এএছ ০১ এফৱাই ৯৮৯৫ নম্বৰৰ তীব্ৰবেগী বাইক দুখনৰ মুখামুখি সংঘৰ্ষ লাগে । এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় চাৰিগৰাকীকৈ বাইক আৰোহী । ইয়াৰে সংকটজনক অৱস্থাত হাজোৰ কোঁৱৰপুৰৰ মইজুদ্দিন আলী, নলবাৰীৰ বাহঁজানীৰ চম্পক বেজবৰুৱা আৰু অভিষেক আৰ্য নামৰ তিনিগৰাকী যুৱকক ততাতয়াকৈ নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । আনহাতে হাজোৰ খোপনিকুছিৰ আজমত আলী নামৰ যুৱক জনক গুৰুতৰ অৱস্থাত ততাতয়াকৈ হাজোৰ এফআৰইউত ভৰ্তি কৰোৱা হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande