ডিব্ৰুগড় মহানগৰত ভয়ংকৰ পথ দুৰ্ঘটনা
ডিব্ৰুগড় মহানগৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
ডিব্ৰুগড় মহানগৰত ভয়ংকৰ পথ দুৰ্ঘটনা


ডিব্ৰুগড়, ২০ ফেব্ৰুৱাৰী (হি.স.): ডিব্ৰুগড় মহানগৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ কাষত পেলাই থোৱা শিলৰ দমত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী বাহন এখন। লগতে মহতিয়ালে দুগৰাকী মহিলাক। ফলত থিতাতে নিহত হয় এগৰাকী মহিলা ।

জানিব পৰামতে, শিলচৰৰ পৰা ডিব্ৰুগড়লৈ ফুৰিবলৈ আহিছিল আত্মীয়ৰ ঘৰলৈ মহিলা গৰাকী। ফুটপাথেৰে খোজ কাঢ়ি গৈ থকাৰ অৱস্থাত বাহনখনে শিলৰ দমত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই মহিলা গৰাকীক মহতিয়াই নিয়ে । মন কৰিবলগীয়া ডিব্ৰুগড় মহানগৰত এতিয়া জধে মধে পথৰ কাষত শিল বালি পেলাই থোৱা দমে মানুহৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এইক্ষেত্ৰত জিলা প্ৰশাসনৰ গুৰুত্বহীনতাক লৈ সচেতন মহলে উদ্বিগ্নতা ব্য়ক্ত কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande