ৰঙিয়া ৰে'ল ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ
ৰঙিয়া ৰে'ল ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ।
ৰঙিয়া ৰে'ল ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ


কামৰূপ, ২০ ফেব্ৰুৱাৰী (হি.স.): অৱশেষত বহুদিনীয়া সপোন পূৰণ হ'ল ৰঙিয়াবাসীৰ। ৰঙিয়া ৰে'ল ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছৰ ৰখোৱাৰ ফ্লেগ অফ কৰা হয়। বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি অভিমুখী বন্দে ভাৰত এক্সপ্ৰেছৰ এবছৰ পূৰ্তি উপলক্ষে ৰঙিয়া ষ্টেচনত ফ্লেগ অফ বন্দে ভাৰত এক্সপ্ৰেছৰ।

যোৱা কালি বৃহস্পতিবাৰে বিয়লিৰ ভাগত ৰঙিয়া ৰে'ল ষ্টেচনত উপস্থিত হোৱা বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীখনৰ ফ্লেগ অফ কাৰ্যসূচী ৰূপায়ন কৰে স্থানীয় বিধায়ক ভবেশ কলিতাই। ইয়াৰ পূৰ্বে ৰঙিয়া ৰে'ল ষ্টেচনৰ সামূহিক ভৱনত অনুষ্ঠিত কৰা হয় মুকলি সভা। সভাৰ পূৰ্বে ৰেল বিভাগৰ উচ্চ পদস্থ বিষয়াই উষ্ম আদৰণি জনাই বিধায়ক গৰাকীক।

সভাত অংশগ্ৰহণ কৰি আগবঢ়োৱা ভাষণ প্ৰসঙ্গত বিধায়ক কলিতাই কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ পদক্ষেপৰ অংশ হিচাবে ৰে'ল বিভাগে নতুন আৰু আকৰ্ষণীয় ৰূপত গঢ় লৈ উঠিছে। ইফালে বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ীখন ৰঙিয়া ষ্টেচনত দুই মিনিট সময়ৰ বাবে ৰখোৱাৰ বাবে ৰে'ল বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয় বিধায়ক ভবেশ কলিতাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande