ৰঙিয়া নগৰৰ তিনিআলি ৰেলগেটত অভাৰ ব্ৰীজ নিৰ্মাণৰ দাৱীত প্ৰতিবাদ নাগৰিক মঞ্চৰ
কামৰূপ, ২০ ফেব্ৰুৱাৰী (হি.স.)। ৰঙিয়া নগৰৰ তিনিআলি ৰেলগেটত অভাৰ ব্ৰীজ নিৰ্মাণৰ দাৱীত প্ৰতিবাদ নাগৰিক মঞ্চৰ। শুকুৰবাৰে দিনৰ ভাগত ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ তিনিআলিস্থিত আৰ এম -2ৰেল গেটৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত নাগৰিক মঞ্চৰ। দীৰ্ঘদিন ধৰি উক্ত
ৰঙিয়া নগৰৰ তিনিআলি ৰেলগেটত অভাৰ ব্ৰীজ নিৰ্মাণৰ দাৱীত প্ৰতিবাদ নাগৰিক মঞ্চৰ


কামৰূপ, ২০ ফেব্ৰুৱাৰী (হি.স.)। ৰঙিয়া নগৰৰ তিনিআলি ৰেলগেটত অভাৰ ব্ৰীজ নিৰ্মাণৰ দাৱীত প্ৰতিবাদ নাগৰিক মঞ্চৰ। শুকুৰবাৰে দিনৰ ভাগত ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ তিনিআলিস্থিত আৰ এম -2ৰেল গেটৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত নাগৰিক মঞ্চৰ। দীৰ্ঘদিন ধৰি উক্ত স্থানত অভাৰ ব্ৰীজ নিৰ্মাণৰ দাবীক চৰকাৰে উপেক্ষা কৰি অহাৰ অভিযোগ উত্থাপন নাগৰিক মঞ্চৰ।

প্ৰতিবাদ কালত গুৰুত্বপূৰ্ণ পথটোত অৱস্থিত ৰেল গেটখনৰ বাবে ছাত্ৰ -ছাত্ৰী,ৰোগীকে ধৰি বিভিন্নজনে দুৰ্বিষহ যাতনা ভোগ কৰি অহাৰ অভিযোগ উত্থাপন সংগঠনটোৰ সভাপতি তথা প্ৰাক্তন বিধায়ক অনন্ত ডেকাৰ ।আনকি বিগত সময়ছোৱাত উক্ত স্থানত অভাৰ ব্ৰীজ স্থাপনৰ বাবে ছইল ষ্টেণ্ডিং,ডিপিআৰ আদি প্ৰক্ৰিয়া সম্পন্ন হয় যদিও একাংশ স্বাৰ্থন্বেষী লোকৰ ষড়যন্ত্ৰত নিৰ্মাণ প্ৰক্ৰিয়া বন্ধ হৈ যোৱাৰো অভিযোগ উত্থাপন কৰে অনন্ত ডেকাই। শীঘ্ৰে অভাৰ ব্ৰীজ খন নিৰ্মাণৰ পদক্ষেপ গ্ৰহণৰে যাতায়ত ব্যৱস্থাৰ প্ৰতিবন্ধকতা আতৰ কৰাৰ বাবেও সজোৰে দাবী উত্থাপন প্ৰতিবাদ কাৰীৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande