ৰঙিয়াৰ বালিসত্ৰত কৃষক মৰ্চাৰ উদ্যোগত বিশাল কৃষক সন্মিলন
কামৰূপ, ২০ ফেব্ৰুৱাৰী (হি.স.)। ৰঙিয়াৰ বালিসত্ৰত কৃষক মৰ্চাৰ উদ্যোগত বিশাল কৃষক সন্মিলন । ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত বালিসত্ৰৰ হৰিদেৱ ক্ষেত্ৰত শুক্ৰবাৰে অনুষ্ঠিত হয় এক বিশাল কৃষক সন্মিলন । পূৱপাৰ, বৰলীয়া আৰু নগৰ মণ্ডলৰ সহযোগত উওৰ কামৰূপ জিলা
ৰঙিয়াৰ বালিসত্ৰত কৃষক মৰ্চাৰ উদ্যোগত বিশাল কৃষক সন্মিলন


কামৰূপ, ২০ ফেব্ৰুৱাৰী (হি.স.)। ৰঙিয়াৰ বালিসত্ৰত কৃষক মৰ্চাৰ উদ্যোগত বিশাল কৃষক সন্মিলন । ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত বালিসত্ৰৰ হৰিদেৱ ক্ষেত্ৰত শুক্ৰবাৰে অনুষ্ঠিত হয় এক বিশাল কৃষক সন্মিলন ।

পূৱপাৰ, বৰলীয়া আৰু নগৰ মণ্ডলৰ সহযোগত উওৰ কামৰূপ জিলা কৃষক মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হয় কৃষক সন্মিলন । এই সন্মিলনত কৃষক সকলৰ মাজত চৰকাৰ খনে কি কি সা- সুবিধা প্ৰদান কৰিছে আৰু আগন্তুক দিনত কৃষক সকলৰ মাজত আৰু অধিক সুবিধা প্ৰদান কৰি কি দৰে কৃষকসকলক আগুৱাই নিব পাৰি আৰু তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰি সমাজ খনক সমৃদ্ধিশালী কৰিব পাৰি এই সভাখনত বিশদভাৱে আলোচনা কৰা হয় ।

বালিসত্ৰ অঞ্চলৰ লগতে ইয়াৰ ওচৰে - পাজৰে থকা প্ৰায় পাচ শতাধিক কৃষকক মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । আজিৰ এই সন্মিলনত উপস্থিত থাকে বিধায়ক ভৱেশ কলিতা , ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মা , কামৰূপ জিলা পৰিষদৰ সভাপতি নিপন ভূঞা, ৰাজ্যিক কৃষান মৰ্চাৰ উপ সভাপতি নিৱাৰন লহকৰ, আদিকে ধৰি বহুত কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande