
ডিব্ৰুগড়, ২০ ফেব্ৰুৱাৰী (হি.স.)। অইল ইণ্ডিয়া লিমিটেডে চি এছ আৰ ৰ অধীনত প্ৰতি বছৰে যুটীয়া দায়বদ্ধ গোট সমূহলৈ আগবঢ়াই আহিছে সাহাৰ্য। দুলীয়াজানৰ টিপলিঙত অৱস্থিত চি এছ আৰ একটিভিটি কমপ্লেক্সৰ অইল স্বনিৰ্ভৰ কেন্দ্ৰত অইল ইণ্ডিয়া লিমিটেডে চি এচ আৰ অধীনত ৰূপান্তৰ প্ৰকল্পৰ জৰিয়তে উজনি অসমৰ অইল অধ্যুষিত অঞ্চলৰ ১২৭৯ টা পৰিয়াল সামৰি লৈ ২৮৮ টা যুটীয়া দায়বদ্ধ গোট লৈ সাহাৰ্য প্ৰদান কৰে।
ইয়াৰ ভিতৰত ১৬৭ টা মহিলা গোটক ৮৩৫ টা ফ্লাই শ্বাটল লুম,৬,০১২ কেজি সুতা আৰু ১৬.৭০ লাখ টকাৰ ৰিভলভিং পুঁজি,২০ টা গোটক উন্নতমানৰ জেকুৱাৰ্ড মেচিন,৭৪ টা গোটক ৭৪ খন পাৱাৰ টিলাৰ,পাম্প ছেট আৰু প্ৰায় ৮০ লাখ টকাৰ চাবচিডি প্ৰদান কৰা হয়। সেইদৰে ১০ টা গোটক ১০ খন সামগ্ৰী কঢ়িওৱা বাহন আৰু ১২ লাখ টকা চাবচিডি প্ৰদান কৰা হয়। উল্লেখ্য যে ২০০৮-০৯ চনৰ পৰাই অইলে এই ৰূপান্তৰ প্ৰকল্পৰ জৰিয়তে জনসাধাৰণৰ জীৱনশৈলী উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এতিয়ালৈকে এই আচঁনিৰ অধীনত মুঠ ৫,৩৯২ টা আত্মসহায়ক আৰু যুটীয়া দায়বদ্ধ গোটক সহায় কৰি আহিছে । প্ৰায় ৩২,০৭৯ টা পৰিয়ালক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিছে । উক্ত অনুষ্ঠানত অইলৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ লগতে স্থানীয় বিধায়ক তেৰচ গোৱালা উপস্থিত থাকে ।
অইল কৰ্তৃপক্ষৰ এনে পদক্ষেপক প্ৰশংসা কৰে স্থানীয় ৰাইজে। ভৱিষ্যতে অইল কৰ্তৃপক্ষই পৰৱৰ্তী সময়তো এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাইজে অনুৰোধ জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা