চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত পুনৰ প্ৰতিবাদ
তামুলপুৰ, ২০ ফেব্ৰুৱাৰী (হি.স.)। চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত পুনৰ প্ৰতিবাদ। চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা, ভূমি আবণ্টন দিয়াৰ দাবীত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা তামুলপুৰ জিলা সমিতিয়ে তামুলপুৰ জিলা আয়ুক
চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত পুনৰ প্ৰতিবাদ


তামুলপুৰ, ২০ ফেব্ৰুৱাৰী (হি.স.)। চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত পুনৰ প্ৰতিবাদ। চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা, ভূমি আবণ্টন দিয়াৰ দাবীত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা তামুলপুৰ জিলা সমিতিয়ে তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, চাহ জনগোষ্ঠীক জনজাতিকৰণৰ কৰক, ভূমিৰ পট্টা প্ৰদান কৰক, হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপি চৰকাৰ হায় হায়, আমাক এছ টি লাগিবই আদি ধ্বনিৰে উত্তাল কৰি তোলে।

প্ৰতিবাদস্থলীৰ পৰাই অসম চৰকাৰক সকিয়াই দি কয়--- নিৰ্বাচন আগত যদি চাহ জনগোষ্ঠীক জনজাতিকৰণৰ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি আৰু ভূমিৰ পট্টা প্ৰদান নকৰিলে অনাগত দিনত ইয়াতকৈও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি তুলিব বুলি সকিয়াই দিয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande