চাপৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
চাপৰত ড্ৰাগছৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযান। চাপৰত ড্ৰাগছৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযান।
চাপৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান


ধুবুৰী, ২০ ফেব্ৰুৱাৰী (হি.স.): ধুবুৰী, জিলাৰ চাপৰত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া ড্ৰাগছৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযান চলে । বহলপুৰৰ বজাৰত অভিযান চলাই সন্দেহযুক্ত হেৰ’ইন ভৰ্তি চাবনৰ বাকচ সহ বহলপুৰ টোটপাৰাৰ বাসিন্দা জিয়াউৰ ৰহমান নামৰ এজনক আটক কৰে।

আটকাধীন জিয়াউৰ ৰহমানক লৈ টোটপাৰাস্থিত বাসগৃহত আৰক্ষীয়ে চলায় অভিযান। আটকাধীন ড্ৰাগছ ব্যৱসায়ী জন বৰপেটাৰ পৰা নিষিদ্ধ হেৰ‘ইন কঢ়িয়াই আনি বিগত এবছৰ ধৰি এই ব্যৱসায় কৰি আছে বুলি জানিব দিয়ে। উল্লেখ্য যে পূৰ্বেও ড্ৰাগছ ব্যৱসায় কৰি ইতিমধ্যে ছয় বছৰ কাৰাবাস খাটি আহিছে জিয়াউৰ ৰহমানে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande