
শিৱসাগৰ, ২০ ফেব্ৰুৱাৰী (হি.স.): শিৱসাগৰ জিলাৰ নাজিৰা শিমলুগুৰি আৰক্ষী থানাৰ সন্মুখত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ সহ এজন মেজিক চালকক আটক কৰা হয়। আটক কৰা মেজিক চালকজনৰ নাম বাস্তৱ গগৈ বুলি জানিব পৰা গৈছে। ধৃত লোক জনৰ ঘৰ শিৱসাগৰ চেৰেকাপাৰ হাতীমুৰীয়া গাঁৱত ।
ধৃত মেজিক চালকজনে শিৱসাগৰ নগৰৰ পলখনিৰ পৰা শিমলুগুৰি নগৰলৈ সৰবৰাহ কৰিছিল ব্ৰাউন ছুগাৰখিনি । ব্ৰাউন ছুগাৰ সৰৱৰাহ কৰা মেজিকখনৰ নম্বৰ এএছ ০৪ এচি ৩৯১৬ বুলি জনা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ