
গুৱাহাটী, ২০ ফেব্ৰুৱাৰী (হি.স.)। তিনি শতাধিক লোকে আজি বিজেপি দলত যোগদান কৰে । আজি বিজেপিৰ ৰাজ্যিক কার্যালয় বাজপেয়ী ভৱনত এক যোগদান কাৰ্যসূচীত গোৱালপাৰা জিলাৰ প্ৰাক্তন প্রান্তীয় কাৰ্যকৰণী সদস্য তথা হিন্দু জাগৰণ মঞ্চৰ উত্তৰ অসম প্ৰান্তৰ নেতা লম্বোধৰ ৰাভাৰ নেতৃত্বত প্রায় শতাধিক ৰাভা আৰু গাৰো জনজাতিৰ লোকে বিজেপিত যোগদান কৰে।
লগতে বীৰ লাচিত সেনাৰ গুৱাহাটী মহানগৰ জিলাৰ প্ৰাক্তন মুখ্য সম্পাদক স্বৰাজ কাশ্যাপৰ নেতৃত্বত নলবাৰী, যোৰহাট, ডিব্ৰুগড় আৰু নগাঁৱকে ধৰি কেইবাখনো জিলাৰ পৰা অহা দুই শতাধিক বীৰ লাচিত সেনাৰ সদস্যই আজি ভাৰতীয় জনতা পার্টিত যোগদান কৰে। নির্বাচনী পৰিচলনা সমিতিৰ যোগদান বিভাগৰ প্রমুখ বেনুধৰ নাথে আঁত ধৰা যোগদান কাৰ্যসূচীত সাংসদ তথা নির্বাচনী পৰিচলনা সমতিৰি অধ্যক্ষ প্রদান বৰুৱা, ৰাজ্যিক সম্পাদক অনুপ বর্মন আৰু ৰাজ্যিক উপ-সভানেত্ৰী ৰত্না সিং উপস্থিত থাকে।
উল্লেখ্য যে আজি যোগদান কৰা হিন্দু জাগৰণ মঞ্চৰ প্ৰাক্তন নেতা লম্বোধৰ ৰাভা দীৰ্ঘ্য দিন ধৰি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বিচাৰ ধাৰাৰ সম্প্ৰসাৰণৰ কামত একাত্মভাবে আত্ম নিয়োগ কৰিছিল। তেওঁৰ লগত ৰাভা আৰু গাৰো জনগোষ্ঠীৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে দলত যোগদান কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী