
বৰপেটা, ২০ ফেব্ৰুৱাৰী (হি.স.): বৰমাৰ আলাগজাৰত এগৰাকী যুৱক নিৰুদ্দশ হৈ পৰিছে। সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে গাঁওখনৰ ৩২ বছৰীয়া জোন বৈশ্য নামৰ যুৱকজন ।
ঘটনা সন্দৰ্ভত আৰক্ষীৰো কাষ চাপিছে পৰিয়ালবৰ্গ, ইতিমধ্যেই বৰমা থানাত এজাহাৰ দাখিল কৰাৰ লগতে ধমধমা আৰু তামুলপুৰ থানাকো অৱগত কৰিছে পৰিয়ালবৰ্গই । মানসিকভাৱে কিছু দুৰ্বল জোন বৈশ্যৰ এতিয়ালৈ শুংসূত্ৰ পোৱা নাই পৰিয়ালে। কোনো ব্যক্তিয়ে যদি জোন বৈশ্যৰ সন্ধান লাভ কৰে তেন্তে পৰিয়ালক ৯৬৭৮১৪৩২০৭ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ