
হোজাই, ২০ ফেব্ৰুৱাৰী (হি.স.)। এপিএছচিৰ চিচিইত স্থান লাভ লংকাৰ কাকী গ্ৰামাঞ্চলৰ এজাৰবাৰী গাঁওৰ বিশাল দাসৰ কৃত্তিত্ব লাভ।
অসম পুলিচ চাৰ্ভিচ( APS)ত ১৬ নং স্থানেৰে বাচনি লাভ কৰে বিশাল দাসে। বিশালৰ এই সাফল্যত আনন্দিত শিক্ষক পিতৃৰ লগতে অংগনৱাদী কৰ্মী মাতৃৰ লগতে অঞ্চলটোৰ ৰাইজ। প্ৰথমবাৰৰ বাবে পৰীক্ষাত অৱৰ্তীণ হৈ এই সফলতা লাভ কৰে বিশালে।
স্বচ্ছ আৰু নিকাভাৱে এই পৰীক্ষা সুকলমে হোৱাত সুখী অনুভৱ কৰে বিশালৰ লগতে পিতৃ-মাতৃয়ে। এডিআৰই পৰীক্ষাত অৱৰ্তীণ হৈ ৩য় বৰ্গত চাকৰি কৰি থকা বিশালে নিজ একাগ্ৰতাৰ বলত নিজেই ঘৰতে অনলাইনত কোচিং কৰি মেইনচৰ বাবে মাত্ৰ দুমাহ আজমল আই.এ.এচ. একাডেমিত কোচিং কৰিএই সফলতা লাভ কৰে।
উল্লেখ্য যে, বিশালে এই সফলতাত বিশেষকৈ মা-দেউতাকৰ বিশেষ অৰিহনা আছে বুলি মন্তব্য কৰি স্বচ্ছ আৰু নিকা নিযুক্তিৰ বাবে মুখ্যমন্ত্ৰী ড°হিমন্তবিশ্ব শৰ্মাক ধন্যবাদ জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা