২৩ ফেব্ৰুৱাৰীত ভাৰত-আমেৰিকাৰ বিষয়াসকলৰ বৈঠকত বাণিজ্য চুক্তিৰ আইনী খচৰা চূড়ান্ত
নতুন দিল্লী, ২০ ফেব্ৰুৱাৰী (হি.স.)। ভাৰত আৰু আমেৰিকাৰ বিষয়াসকলে ২৩ ফেব্ৰুৱাৰীৰ পৰা আমেৰিকাত তিনিদিনীয়া বৈঠকত মিলিত হৈ অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ আইনী খচৰা চূড়ান্ত কৰিব। এই বৈঠকে চুক্তিখনৰ কাঠামোক আনুষ্ঠানিক নথিলৈ ৰূপান্তৰিত কৰিব। চলিত মাহৰ
भारत-अमेरिका के लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী, ২০ ফেব্ৰুৱাৰী (হি.স.)। ভাৰত আৰু আমেৰিকাৰ বিষয়াসকলে ২৩ ফেব্ৰুৱাৰীৰ পৰা আমেৰিকাত তিনিদিনীয়া বৈঠকত মিলিত হৈ অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ আইনী খচৰা চূড়ান্ত কৰিব। এই বৈঠকে চুক্তিখনৰ কাঠামোক আনুষ্ঠানিক নথিলৈ ৰূপান্তৰিত কৰিব।

চলিত মাহৰ আৰম্ভণিতে ভাৰত আৰু আমেৰিকাই যৌথ বিবৃতি প্ৰকাশ কৰি অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ কাঠামো চূড়ান্ত কৰা হৈছে বুলি ঘোষণা কৰিছিল। যৌথ বিবৃতিটোত চুক্তিখনৰ মূল ৰূপৰেখা দাঙি ধৰা হয়। এতিয়া এই পইণ্টসমূহক আনুষ্ঠানিক আইনী চুক্তিলৈ ৰূপান্তৰিত কৰাৰ পিছত অহা মাহত দুয়োপক্ষই স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। ভাৰতীয় দলটোৰ নেতৃত্বত থাকিব বাণিজ্য মন্ত্ৰালয়ৰ যুটীয়া সম্পাদক তথা মুখ্য আলোচনাপন্থী দৰ্পন জৈনে।

অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ অধীনত দুয়োপক্ষই তেওঁলোকৰ মাজত ব্যৱসায় কৰা কেইবাটাও সামগ্ৰীৰ ওপৰত শুল্ক ৰেহাই প্ৰদান কৰিব। ভাৰতীয় সামগ্ৰীৰ ওপৰত প্ৰতিশোধমূলক শুল্ক ২৫%ৰ পৰা ১৮%লৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে আমেৰিকাই। ইয়াৰ উপৰিও ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫ শতাংশ শাস্তিমূলক শুল্ক ইতিমধ্যে বিলুপ্ত কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande