ভাৰত-আমেৰিকাৰ অন্তৱৰ্তীকালীন বাণিজ্য চুক্তি এপ্ৰিল মাহত বলবৎ হোৱাৰ সম্ভাৱনাঃ গোৱেল
নতুন দিল্লী, ২০ ফেব্ৰুৱাৰী (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে শুকুৰবাৰে ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা অন্তৱৰ্তীকালীন বাণিজ্য চুক্তি মাৰ্চ মাহত স্বাক্ষৰিত হোৱা আৰু এপ্ৰিল মাহত বলবৎ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰে। কেন্দ্ৰীয় বাণি
कार्यक्रम को संबोधित करते पीयूष गोयल


নতুন দিল্লী, ২০ ফেব্ৰুৱাৰী (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে শুকুৰবাৰে ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা অন্তৱৰ্তীকালীন বাণিজ্য চুক্তি মাৰ্চ মাহত স্বাক্ষৰিত হোৱা আৰু এপ্ৰিল মাহত বলবৎ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰে।

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীয়ে সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এমএছএমই) ৰপ্তানি বৃদ্ধি আৰু বিশ্বৰ প্ৰতিযোগিতামূলক ক্ষমতা শক্তিশালী কৰাৰ বাবে ৰপ্তানি প্ৰসাৰ অভিযান আৰম্ভ কৰে।

এই উপলক্ষে তেওঁ উল্লেখ কৰে যে যুক্তৰাজ্য আৰু ওমানৰ সৈতে ভাৰতৰ মুক্ত বাণিজ্য চুক্তি (এফটিএ) এপ্ৰিল মাহত বলবৎ হোৱাৰ সম্ভাৱনা আছে। পীয়ুষ গোৱেলে কয় যে নিউজিলেণ্ডৰ সৈতে হোৱা চুক্তি ছেপ্টেম্বৰৰ পৰা বলবৎ হ’ব পাৰে। ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তি (এফটিএ) সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, “মই ভাবো যে ইউৰোপীয় ইউনিয়নৰ ২৭খন দেশেই এফটিএক অতি সোনকালে চূড়ান্ত কৰি আগুৱাই নিবলৈ প্ৰথমবাৰৰ বাবে আগ্ৰহী।” গোৱেলে কয় যে এই চুক্তি ১৪০ কোটি ভাৰতীয়ৰ শক্তি।

ভাৰত আৰু আমেৰিকাৰ বিষয়াসকলৰ মাজত অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ আইনী কাঠামো চূড়ান্ত কৰাৰ বাবে তিনিদিনীয়া বৈঠক ২৩ ফেব্ৰুৱাৰীৰ পৰা আমেৰিকাত আৰম্ভ হ’ব।চলিত মাহৰ আৰম্ভণিতে ভাৰত আৰু আমেৰিকাই এক যৌথ বিবৃতিত ঘোষণা কৰিছিল যে অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ কাঠামো চূড়ান্ত কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande