ডিগবৈ চহৰত হত্যা কৰা চাহ জনগোষ্ঠীৰ ব্যক্তি বুদ্ধেশ্বৰ গড় পৰিয়ালক মুখ্যমন্ত্ৰী সাহায্য পূঁজিৰ ৫ লাখ টকাৰ চেক প্ৰদান
তিনিচুকীয়া, ২০ ফেব্ৰুৱাৰী (হি.স.)। তিনিচুকীয়া জিলাৰ ডিগবৈ চহৰত হত্যা কৰা চাহ জনগোষ্ঠীৰ ব্যক্তি বুদ্ধেশ্বৰ গড় পৰিয়ালক মুখ্যমন্ত্ৰী সাহায্য পূঁজিৰ ৫ লাখ টকাৰ চেক প্ৰদান কৰা হয় । বগাপানী চাহ বাগিছা বাসগৃহত বিধায়ক সুৰেন ফুকন উপস্থিত হৈ পৰিয়ালৰ হাতত
ডিগবৈ চহৰত হত্যা কৰা চাহ জনগোষ্ঠীৰ ব্যক্তি বুদ্ধেশ্বৰ গড় পৰিয়ালক মুখ্যমন্ত্ৰী সাহায্য পূঁজিৰ ৫ লাখ টকাৰ চেক প্ৰদান


তিনিচুকীয়া, ২০ ফেব্ৰুৱাৰী (হি.স.)। তিনিচুকীয়া জিলাৰ ডিগবৈ চহৰত হত্যা কৰা চাহ জনগোষ্ঠীৰ ব্যক্তি বুদ্ধেশ্বৰ গড় পৰিয়ালক মুখ্যমন্ত্ৰী সাহায্য পূঁজিৰ ৫ লাখ টকাৰ চেক প্ৰদান কৰা হয় । বগাপানী চাহ বাগিছা বাসগৃহত বিধায়ক সুৰেন ফুকন উপস্থিত হৈ পৰিয়ালৰ হাতত চেকখন প্ৰদান কৰে।

বিধায়গৰাকীয়ে পৰিয়ালটোৰ খা–খৱৰ লোৱাৰ লগতে বুদ্ধেশ্বৰৰ পত্নী সুকুৰমণি হাধুৰ হাতত চেকখন প্ৰদান কৰে। উল্লেখ্য যে এই ঘটনাৰ লগত জড়িত ৬ জন হত্যাকাৰীক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। ইফালে হত্যাকাৰীক ফাচী দিবলৈ দাবী জনাইছে পৰিয়ালৰ লোকসকলে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande