২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত ১৪খন পিএলআই আঁচনিৰ অধীনত কেন্দ্ৰৰ ২৮,৭৪৮ কোটি টকা প্ৰদান
নতুন দিল্লী, ২০ ফেব্ৰুৱাৰী (হি.স.)। ঘৰুৱা উৎপাদনক প্ৰসাৰিত কৰাৰ বাবে আৰম্ভ কৰা প্ৰডাকচন-লিংকড ইনচেণ্টিভ (পিএলআই) আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে ইলেক্ট্ৰনিকছ আৰু ফাৰ্মাচিউটিকেলছকে ধৰি ১৪টা খণ্ডলৈ ২৮,৭৪৮ কোটি টকা প্ৰদান কৰিছে। প্ৰায় ১.৯১ ল
'उत्पादन से जुड़ी प्रोत्साहन' योजना के लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী, ২০ ফেব্ৰুৱাৰী (হি.স.)। ঘৰুৱা উৎপাদনক প্ৰসাৰিত কৰাৰ বাবে আৰম্ভ কৰা প্ৰডাকচন-লিংকড ইনচেণ্টিভ (পিএলআই) আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে ইলেক্ট্ৰনিকছ আৰু ফাৰ্মাচিউটিকেলছকে ধৰি ১৪টা খণ্ডলৈ ২৮,৭৪৮ কোটি টকা প্ৰদান কৰিছে। প্ৰায় ১.৯১ লাখ কোটি ব্যয়ৰে এই আঁচনিখনে ১৪টা মূল খণ্ডত উদ্যোগৰ শক্তিশালী অংশগ্ৰহণক লাভান্বিত কৰিছে। পি এল আই আঁচনিৰ লক্ষ্য হৈছে ভাৰতৰ উৎপাদন পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰা আৰু স্থানীয়কৰণক প্ৰসাৰিত কৰা।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতৰ উৎপাদন ভিত্তি শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰডাকচন-লিংকড ইনচেন্টিভ (পিএলআই)ৰ অধীনত ১.৯১ লাখ কোটি টকাৰ প্ৰৰোচনামূলক বাজেট আবণ্টন দিয়া হৈছে। ১৪টা মূল খণ্ডত ৮৩৬টা আবেদন অনুমোদিত হোৱাৰ লগে লগে এই আঁচনিখনে উদ্যোগৰ শক্তিশালী আস্থা আৰু ব্যাপক ব্যৱহাৰ প্ৰদৰ্শন কৰে।

পিএলআই আঁচনিখন আৰম্ভণিৰে পৰাই উদ্যোগসমূহে ধাৰাবাহিকভাৱে আকোৱালি লৈ আহিছে, আৰু উৎপাদন ক্ষমতা ক্ৰমাগতভাৱে সম্প্ৰসাৰিত হৈছে।

এই আঁচনিৰ অধীনত যোৱা বছৰৰ ৩১ ডিচেম্বৰলৈকে ১৪টা খণ্ডত ৮৩৬টা আবেদন অনুমোদন কৰা হৈছিল, যাৰ ফলত মুঠ বিনিয়োগ ২.১৬ লাখ কোটি টকাতকৈ অধিক বিনয়োগ হৈছিল। একেদৰে মুঠ বিক্ৰী ২০.৪১ লাখ কোটি টকাতকৈ অধিক হোৱাৰ লগতে মুঠ ৰপ্তানি ৮.৩ লাখ কোটি টকাতকৈ অধিক হৈছিল।

প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ১৪.৩৯ লাখতকৈ অধিক চাকৰিৰ সৃষ্টি হৈছিল আৰু ৩১ ডিচেম্বৰলৈকে ২৮,৭৪৮ কোটি টকা প্ৰদান কৰা হৈছিল। ঘৰুৱা উৎপাদনক প্ৰসাৰিত কৰাৰ উদ্দেশ্যেৰে ২০২১ চনত ১৪টা খণ্ডৰ বাবে ১.৯৭ লাখ কোটি টকা ব্যয়ৰে পিএলআই আঁচনি ঘোষণা কৰিছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande