
ধুবুৰী, ২০ ফেব্ৰুৱাৰী (হি.স.)। চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্য়ৰ ভিত্তিত ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। চৌৰেংগীমোৰ অঞ্চলত গোপনে অভিযান চলাই ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক কৰিব সক্ষম হয় আৰক্ষী । ড্ৰাগছ সৰবৰাহকাৰী জনক ৰিপুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।
ৰিপুল ইছলামৰ পৰা ২০টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ। সৰবৰাহকাৰী জনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে।দিৰ্ঘ দিনৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী জনে অঞ্চলটোত গোপনে ড্ৰাগছ সৰবৰাহ কৰি আছিল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা