টিংখাংত বৰষুণ বিচাৰি আয়োজন ভেকুলী বিয়া
ডিব্ৰুগড়, ২০ ফেব্ৰুৱাৰী (হি.স.)। এখন বিশেষ বিয়াক কেন্দ্ৰ কৰি টিংখাঙৰ কমাৰচুক গাঁওত ব্যাপক চৰ্চা। বিয়ালৈ বুলি ঢপলিয়াই আহিছে সকলো। কইনাক যাচিছে উপহাৰ, দিছে হিয়াভৰা আশীৰ্বাদ। আয়তিৰ বিয়ানাম, যোৰানামেৰে মুখৰিত হৈ পৰিছে ৰভাতল । এইখন হৈছে ভেকুলীৰ
টিংখাংত বৰষুণ বিচাৰি আয়োজন ভেকুলী বিয়া


ডিব্ৰুগড়, ২০ ফেব্ৰুৱাৰী (হি.স.)। এখন বিশেষ বিয়াক কেন্দ্ৰ কৰি টিংখাঙৰ কমাৰচুক গাঁওত ব্যাপক চৰ্চা। বিয়ালৈ বুলি ঢপলিয়াই আহিছে সকলো। কইনাক যাচিছে উপহাৰ, দিছে হিয়াভৰা আশীৰ্বাদ। আয়তিৰ বিয়ানাম, যোৰানামেৰে মুখৰিত হৈ পৰিছে ৰভাতল । এইখন হৈছে ভেকুলীৰ বিয়া।

টিংখাঙ সমষ্টিৰ কমাৰচুক বাসী ৰাইজে অতি ধুমধামেৰে পাতিলে ভেকুলীৰ বিয়া । গাওঁ খনৰ নবোল বকলীয়াল নামৰ ব্যক্তি জনৰ ঘৰত ৰাখিলে এজনী ভেকুলী । নাম ৰাখিলে গংগা । আনফালে গাওঁ খনৰ বিপৰীত দিশে থকা অজিত বকলীয়াল নামৰ ব্যক্তি জনৰ ঘৰত ৰাখিলে আন এটা ভেকুলী । তাৰো নাম ৰাখিলে গঙ্গেশ্বৰ।

আজি বহু দিন ধৰি অঞ্চলটোত দেখা দিয়া খৰাং সদৃশ পৰিৱেশে চিন্তিত কৰি তুলিছে গাওঁ বাসীক ।ফাগুনৰ বতাহে কঢ়িয়ায়াই অনা ধূলি মাকতিৰ পৰা পৰিত্ৰাণ বিচাৰি অতি উলহঃ মালহেৰে পাতিলে এই ভেকুলীৰ বিয়া । গছ গছনিয়ে কুঁহিপাত ওলোৱা সময়ত বৰষুণৰ অভাৱত পৰি অঞ্চলটোৰ কৃষিজীৱি ৰাইজে সিদ্ধান্ত ল'লে ভেকুলীৰ বিয়া পতাৰ। লোকবিশ্বাস অনুসৰি গাঁওখনত পূৰ্বেও ৰাইজে ভেকুলীৰ বিয়া পাতি আহিছে । এইবাৰো ৰাইজৰ সিদ্ধান্ত অনুসৰি অতি ধুমধামেৰে ভেকুলীৰ বিয়াৰ বাবে ৰভা সজা হয় । দালি কলচি স্থাপন, দৰা-কইনাৰ গা ধোৱা , ভৰি ধোৱা আদি কৰি অসমীয়া সমাজৰ বিয়া এখনত পালন কৰা সকলো নীতি নিয়ম এটা এটাকৈ পালন কৰা হয় ভেকুলী গঙ্গেশ্বৰ আৰু গংগাৰ ক্ষেত্ৰতো । আৰু অৱশেষত সম্পূৰ্ণ ৰীতি-নীতি, পৰম্পৰাৰ মাজেৰে বিয়াখন সম্পন্ন হয় । উপস্থিত ৰাইজে মাছে-মঙহে এসাজ খোৱাৰ ব্যৱস্থা কৰা হয় । অৱশেষত গাওঁৰ ৰাইজে গায়নে বায়নে গৈ দিচাং নদীৰ বুকুত দৰা কইনাক কলৰ ভুঁৰ সাজি উটুৱাই দিয়া দেখিবলৈ পোৱা যায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande