যোৰহাটৰ কৃষি বিষয়া কাৰ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত কৃষক মেলা
যোৰহাট, ২০ ফেব্ৰুৱাৰী (হি.স.)। যোৰহাটৰ কৃষি বিষয়া কাৰ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত কৃষক মেলা। যোৰহাট ষ্টেডিয়ামৰ সমীপতে অৱস্থিত জিলা কৃষি বিষয়া কাৰ্যালয় প্ৰাঙ্গণত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে কৃষক মেলা। আজি এই কৃষক মেলা খনি আনুষ্ঠানিকভাৱ
যোৰহাটৰ কৃষি বিষয়া কাৰ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত কৃষক মেলা


যোৰহাট, ২০ ফেব্ৰুৱাৰী (হি.স.)। যোৰহাটৰ কৃষি বিষয়া কাৰ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত কৃষক মেলা। যোৰহাট ষ্টেডিয়ামৰ সমীপতে অৱস্থিত জিলা কৃষি বিষয়া কাৰ্যালয় প্ৰাঙ্গণত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে কৃষক মেলা।

আজি এই কৃষক মেলা খনি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উল্লেখ্য যে কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত আয়োজন কৰা এই দুদিনীয়া কাৰ্যসূচীত যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষকসকলে নিজে উৎপাদন কৰা বিভিন্ন ধৰণৰ কৃষিজাত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে।

শাক-পাচলি, ধান-চাউল, মধু, গৃহ-প্ৰস্তুত আচাৰ, পিঠা-পনা আদি সামগ্ৰীৰ লগতে কৃষি সা-সামগ্ৰীও এই মেলাত উপলব্ধ হৈছে। প্ৰতি বছৰৰ দৰে এই বছৰো আয়োজন কৰা এই কৃষক মেলাত বিশেষকৈ মহিলা কৃষকসকলক অগ্ৰাধিকাৰ দিয়া হৈছে।

মহিলা কৃষকসকলে ঘৰতে উৎপাদন কৰা সামগ্ৰীসমূহৰ বাবে বজাৰ সুবিধা লাভ কৰাৰ উপৰি কৃষি বিজ্ঞানীসকলৰ সৈতে মুখামুখি আলোচনা কৰাৰ সুযোগো পাইছে। কৃষি সম্পৰ্কীয় নতুন নতুন তথ্য, উন্নত বীজ, আধুনিক পদ্ধতি আদিৰ বিষয়ে বিশেষ আলোচনা সভাৰো ব্যৱস্থা কৰা হৈছে।

কৃষকসকলৰ আত্মনির্ভৰশীলতা বৃদ্ধিৰ লগতে কৃষি খণ্ডত নতুন প্ৰযুক্তিৰ প্ৰসাৰ ঘটোৱাৰ লক্ষ্যৰে এই মেলা আয়োজন কৰা হৈছে। এই উপলক্ষে বিভাগীয় কৰ্তৃপক্ষই সকলো ৰাইজক কৃষক মেলালৈ আহি সমর্থন জনাবলৈ আমন্ত্ৰণ জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande