
বৰপেটা, ২০ ফেব্ৰুৱাৰী (হি.স.)। বৰপেটা ৰোড আৰক্ষীৰ জালত চাৰিজন নকল সোণ সৰবৰাহকাৰী। বৰপেটা ৰোডত আৰক্ষীৰ অভিযানত ৪ জন লোকৰ পৰা ১ কেজি ৬০০ গ্ৰাম ওজনৰ এখন সোণৰ নাওঁ আৰু নগদ ৪ লাখ টকা সহ আটক কৰে। ধৃত ব্যক্তি কেইজনক উত্তৰ প্ৰদেশৰ আৰু দুগৰাকী লখিমপুৰৰ। ধৃত ব্যক্তি কেই গৰাকী উত্তৰ প্ৰদেশ ট্ৰানছপৰ্ট নগৰ শাহফেজল,মুবাৰকপুৰৰ কুলদিপ মিশ্ৰা লখিমপুৰ জিলাৰ , দলতপুৰৰ আব্দুল মফিজ, সোনাপুৰৰ ৰিজাৰ্ভ গাঁৱৰ ইশ্ৰাফুল আলী, বুলি জানিব পৰা গৈছে।
বৰপেটা ৰোডৰ শিমলাগুৰি ফ্লাইঅভাৰৰ তলত আটক কৰে সৰবৰাহকাৰী কেই গৰাকী। বৰপেটাৰোড আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল জ্যোতি শইকীয়া নেতৃত্বত চলিছিল এই অভিযান । বৰপেটা ৰোড আৰক্ষী অভিযানত ১ কেজি ৬০০ গ্ৰাম নকল সোণৰ নাওঁ আৰু নগদ ৪ লাখ টকা জব্দ। উক্ত কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগত চাৰিজন ব্যক্তিক আৰক্ষীয়ে আটক কৰিছে আৰু বৰ্তমান তেওঁলোকক সোধা-পোছ অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু