
বৰপেটা, ২০ ফেব্ৰুৱাৰী (হি.স.): বজালীৰ হেলনাত যোৱা কালি বৃহস্পতিবাৰে বিয়লি সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বৈদ্যুতিক তাঁৰত লাগি খেৰ ভৰ্তি এখন মেজিক বাহনত অগ্নিসংযোগ হয়।
মুহূৰ্ততে জ্বলি উঠে বাহনখনত থকা শুকান খেৰ। স্থানীয় সূত্ৰ অনুসৰি, পৰিস্থিতি গুৰুতৰ হোৱা দেখি চালকজনে তৎপৰতাৰে গাড়ীখন কাষতে থকা কালদিয়া নৈত নমাই দিয়ে, ফলত ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰে।
অগ্নিকাণ্ডত মেজিক বাহনখনত থকা খেৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় আৰু গাড়ীখনৰো কিছু পৰিমাণে ক্ষয়-ক্ষতি হয়। সৌভাগ্যক্ৰমে এই ঘটনাত চালকজনৰ প্ৰাণ কথমপি ৰক্ষা পৰে।ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ