
দৰং, ২০ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতীয় খাদ্য নিগমৰ ভড়ালত শ্ৰমিকৰ প্ৰতিবাদ৷ ভড়ালৰ ঠিকাদাৰৰ বিৰূদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে দুই শতাধিক শ্ৰমিকে৷ প্ৰতিবাদত অচল ভাৰতীয় খাদ্য নিগমৰ ভড়াল৷ ঠিকাদাৰ দুলদুল চৌধুৰীয়ে খাদ্য নিগমৰ ভড়ালত নিয়োজিত শ্ৰমিক সকলৰ প্ৰভিডেন্ট ফাণ্ড ৰ বহু লাখ টকা আদায় দিবলৈ বাকী আছে৷ ১৭ টাকৈ শ্ৰমিক গোটে প্ৰায় ১৫ /২০ লাখ টকা পাবলৈ আছে দুলদুল চৌধুৰীৰ পৰা৷
ভাৰতীয় খাদ্য নিগমৰ ভৰালত জমা হোৱা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউলৰ বস্তা ৰেলৰ পৰা নমোৱাৰ পৰা ট্ৰাকত উঠোৱা নমোৱা কৰে এইসকল শ্ৰমিকে৷ এই শ্ৰমিকে কৰা কষ্টৰ বাবেই ইয়াৰ লাখ লাখ টকা লাভ কৰে ঠিকাদাৰে৷ কিন্তু খাদ্য নিগমৰ বিষয়াৰ লগত বুজাবুজি থকাৰ বাবেই ঠিকাদাৰে নামানে জিলা প্ৰশাসনৰ নিৰ্দেশনাও৷
এই সকল শ্ৰমিকে প্ৰতিবাদ কৰাৰ বাবেই খাৰুপেটীয়াৰ পৰা আনিছিল এই সকল সন্দেহযুক্ত নাগৰিক৷ ইয়াৰ পূৰ্বে ভড়াললৈ বহিঃ জিলাৰ শ্ৰমিক অহাত নিষেধ আৰোপ কৰিছিল যদিও সেই নিৰ্দেশ অমান্য কৰি শ্ৰমিক আনিছিল ঠিকাদাৰ চৌধুৰীয়ে ৷ কিন্তু বাহিৰা শ্ৰমিকক বাধা প্ৰদান কৰে শ্ৰমিক ইউনিয়নে৷ দুলদুল চৌধুৰী মূৰ্দাবাদ, শ্ৰমিক সংগঠন জিন্দাবাদ ধ্বনি দি পৰিবেশ উত্তাল কৰে৷ পিছত আৰক্ষী উপস্থিত হৈ পৰিবেশ কিছু শান্ত কৰে৷ যেতিয়ালৈকে ধন আদায় নাপায় তেতিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ শ্ৰমিক সকলৰ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা