
দক্ষিণ শালমাৰা, ২০ ফেব্ৰুৱাৰী (হি.স.)। মানকাচাৰত আৰক্ষীৰ অভিযান। হেৰ’ইনসহ এজন যুৱকক আটক। মানকাচৰৰ কালাপানী আৰক্ষীৰ এক সফল অভিযানত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰা হৈছে। এক গোপন সূত্ৰৰ পম খেদি কলাপানী আৰক্ষীৰ চকীৰ আৰক্ষীৰ দল এটাই নিশা বাঘাপাৰাৰ পৰা সাদুল্লাবাৰী অভিমুখে গৈ থকা অৱস্থাত এজন বাইক আৰোহীক বাধা দিয়ে আৰু তালাচী চলায়। তালাচীৰ সময়ত হেৰ’ইন সহ যুৱক এজনক আটক কৰা হয়।
আটক কৰা যুৱক জনৰ নাম মুস্তান খান (২৫)। তেওঁ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত বেঙৰভিটা গাঁৱৰ কাছিম খানৰ পুত্ৰ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে সাক্ষীৰ উপস্থিতিত চলোৱা তালাচীত যুৱক জনৰ জিম্মাৰ পৰা ৩.৩২ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন ভৰ্তি প্লাষ্টিকৰ টেমা আৰু ৩টা খালী প্লাষ্টিকৰ টেমা জব্দ কৰিব সক্ষম হয়।
এলুমিনিয়াম ফয়েল থকা এটা বগা বটল। এখন পালচাৰ ১২৫ বাইক পঞ্জীয়ন নম্বৰ এএছ ০১ এফইউ-৮৮৪৭ জব্দ কৰিব লৈ সক্ষম হয়।
আৰক্ষীয়ে জনোৱা মতে, সমগ্ৰ প্ৰক্ৰিয়াটো আইনী নিয়ম অনুসৰণ কৰি সম্পন্ন কৰা হৈছে। বৰ্তমান অভিযুক্তক কলাপানী আৰক্ষী চকীত ৰখা হৈছে। এই সন্দৰ্ভত এক এজাহাৰ দাখিল কৰি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰেৰণ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু