
গুৱাহাটী,২০ফেব্ৰুৱাৰী(হি.স.)। গুৱাহাটী মহানগৰীৰ জয়ানগৰ স্থিত এটা বহুমহলীয়া অট্টালিকাৰ পৰা এটা মৃতদেহ উদ্ধাৰ।ইন্দ্রপ্রস্ত এপাৰ্টমেণ্ট নামৰ বহুমহলীয়া অট্টালিকাটোৰ পৰা আজি এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।এপাৰ্টমেণ্টটোৰ প্রথম মহলাৰ ১০৪নং কোঠাত উদ্ধাৰ মৃতদেহটো।
জানিব পৰা অনুসৰি মাজনিশা বন্ধুৰ কোঠালৈ আহিছিল যুৱকজন।নিশা দুই বন্ধু কেইবাবাৰো ওলাই গৈছিল বাহিৰলৈ।এপাৰ্টমেণ্টৰ নিৰাপত্তাৰক্ষীয়ে বিলাসী বাহনৰে অহা-যোৱা কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল।
কিন্তু হঠাতে এপাৰ্টমেণ্টৰ কোঠাত যুৱকজনৰ মৃতদেহ উদ্ধাৰৰ পিছতে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টেি হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে বশিষ্ঠ আৰক্ষী।আৰক্ষীয়ে যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছেে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ