বকো ছয়গাঁও সমষ্টিত শ্মশান মুকলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ
কামৰূপ, ২০ফেব্ৰুৱাৰী (হি.স.)। বকো ছয়গাঁও সমষ্টিৰ অন্তৰ্গত ঠাকুৰপাৰা সত্ৰ ৰাইজৰ সুবিধাৰ্থে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই নিজৰ ধনেৰে নিৰ্মাণ কৰিলে এখন আটকধুনীয়া শ্মশান। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ গৰাকী কথা দি কথা ৰাখিলে । মৃগেণ শৰণীয়াই মু
বকো ছয়গাঁও সমষ্টিত শ্মশান মুকলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ


কামৰূপ, ২০ফেব্ৰুৱাৰী (হি.স.)। বকো ছয়গাঁও সমষ্টিৰ অন্তৰ্গত ঠাকুৰপাৰা সত্ৰ ৰাইজৰ সুবিধাৰ্থে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই নিজৰ ধনেৰে নিৰ্মাণ কৰিলে এখন আটকধুনীয়া শ্মশান। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ গৰাকী কথা দি কথা ৰাখিলে । মৃগেণ শৰণীয়াই মুকলি কৰিলে শ্মশান ।

সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দল তথা প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে প্ৰচাৰ চলাই থকাৰ মাজতে বিগত এবছৰ জুৰি বকো ছয়গাঁৱৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই আছে বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী তথা গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই । শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে প্ৰথমে ধোৱাৰগাঁও শিৱ মন্দিৰ ৰাইজ গয়ৰহে লাভ কৰা অসম দৰ্শন আঁচনিৰ ডেৰ লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া এটি গৃহৰ লাইখুঁটা স্থাপন কৰে মৃগেন শৰণীয়াই ।

ইয়াৰ পিছতে তেওঁ নতুন জাৰাবাৰীৰ শিৱ মন্দিৰত উপস্থিত হয় । তাৰ পিছতে সাতগাঁও আঞ্চলিক মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় ।

ইয়াৰ পিছতে শ্ৰী শ্ৰীঠাকুৰপাৰা সত্ৰত উপস্থিত হৈ ৰাইজক সম্বোধন কৰি প্ৰায় ৩ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন ৰাজহুৱা শ্মশান মুকলি কৰে ।

ইয়াৰ পূৰ্বে মৃগেন শৰণীয়াক গায়ণ বায়নেৰে সত্ৰলৈ আদৰি আনি ৰাইজে উষ্ম আদৰণি জনায় ।

আনহাতে প্ৰতিটো অনুষ্ঠানতে মেয়ৰ মৃগেন শৰণীয়াক সংগ দিয়ে দক্ষিণ কামৰূপ জিলা বিজেপিৰ উপ সভাপতি প্ৰফুল্ল মেধি, কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ধীৰাজ ঠাকুৰীয়া, দক্ষিণ কামৰূপ জিলা বিজেপিৰ যুৱ মৰ্চাৰ সম্পাদক খনিন্দ্ৰ কলিতা, মণ্ডলৰ উপ সভাপতি হেমন্ত দাস, পঞ্চায়ত প্ৰতিনিধি দেৱজিৎ কলিতা প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande