
২০১৩ চনৰ ২১ ফেব্ৰুৱাৰীত হায়দৰাবাদত বোমা বিস্ফোৰণে সমগ্ৰ দেশ কঁপাই তুলিছিল। সেই সময়ত ব্যস্ত ব্যৱসায়িক আৰু আৱাসিক অঞ্চল দিলসুখনগৰ অঞ্চলত সংঘটিত হয় এই বিস্ফোৰণ। এই সন্ধিয়াৰ বিস্ফোৰণত ১৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১১৯ জনৰো অধিক লোক আহত হয়।
জনবহুল অঞ্চলত—বাছ ষ্টপ আৰু চিনেমা হলৰ ওচৰত— কম সময়ৰ ভিতৰতে সংঘটিত হোৱা এই বিস্ফোৰণৰ ফলত আতংকৰ সৃষ্টি হয়। আহতসকলক লগে লগে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, আৰু কেইবা ঘণ্টা ধৰি উদ্ধাৰ অভিযান অব্যাহত থাকে।
ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ হাতত অৰ্পণ কৰা হয় ইয়াৰ তদন্ত। তদন্তত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন ইণ্ডিয়ান মুজাহিদিন জড়িত থকাৰ কথা পোহৰলৈ আহিছে। পৰৱৰ্তী সময়ত কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰি বিশেষ আদালতে দোষী সাব্যস্ত কৰে।
দেশৰ নগৰ অঞ্চলক লক্ষ্য কৰি সংঘটিত হোৱা ধাৰাবাহিক সন্ত্ৰাসবাদী আক্ৰমণৰ আন এক গুৰুতৰ ঘটনা আছিল এই আক্ৰমণ। এই ঘটনাৰ পিছত সমগ্ৰ দেশতে নিৰাপত্তা কটকটীয়া কৰি চোৰাংচোৱা নেটৱৰ্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
হায়দৰাবাদ বোমা বিস্ফোৰণৰ বৰ্ষপূৰ্তিত আজিও ভুক্তভোগীসকলক স্মৰণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈ থকাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰা হৈছে।
গুৰুত্বপূৰ্ণ পৰিঘটনা
১৭৯৫ - ডাচসকলে চিলন আৰু শ্ৰীলংকা ব্ৰিটিছৰ হাতত অৰ্পণ কৰে।
১৮৪২ - আমেৰিকাত এই চিলাই মেচিনৰ পেটেণ্ট লাভ কৰা হয়।
১৯০৭ - ইংৰাজ কবি অডেনৰ জন্ম হয়।
১৯১৪ - বৰ্ডান যুদ্ধ আৰম্ভ হয়।
১৯১৬ - প্ৰথম বিশ্বযুদ্ধৰ সময়ত ফ্ৰান্সত ভাৰ্ডান যুদ্ধ আৰম্ভ হয়।
১৯১৯ - মিউনিখত বাভাৰিয়াৰ প্ৰধানমন্ত্ৰী কুৰ্টজনাৰক হত্যা কৰা হয়।
১৯১৯ - বাৰ্চিলোনাত বিপ্লৱ।
১৯২৫ - দ্য নিউয়ৰ্কাৰ আলোচনীৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায়।
১৯৪৩ - ব্ৰিটিছ ৰজা জৰ্জ ষষ্ঠই ৰাছিয়ানসকলক সন্মান জনায়।
১৯৪৬ - ইজিপ্তত ব্ৰিটেইনৰ বিৰুদ্ধে প্ৰতিবাদ।
১৯৪৮ - স্বাধীন ভাৰতৰ সংবিধানৰ খচৰা সংবিধান সভাৰ সভাপতিৰ আগত দাখিল কৰা হয়।
১৯৫২ - ঢাকা (তেতিয়াৰ পূব পাকিস্তান)ত বাংলা ভাষাৰ চৰকাৰী ভাষাৰ মৰ্যাদা প্ৰদানৰ দাবীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰে। পৰৱৰ্তী সময়ত চৰকাৰী মৰ্যাদা প্ৰদান কৰা হয়, আৰু তেতিয়াৰ পৰাই বাংলাদেশত এই দিনটো ভাষা আন্দোলনৰ স্মৃতি হিচাপে পালন কৰা হয়। পিছত ইউনেস্কো আন্তৰ্জাতিক মাতৃভাষা দিৱস ঘোষণা কৰে।
১৯৫৯ - আজিৰ দিনটোতে নতুন দিল্লীত প্ৰেছ ক্লাব অৱ ইণ্ডিয়া প্ৰতিষ্ঠা হয়।
১৯৬৩ - ছোভিয়েট ইউনিয়নে আমেৰিকাক সকীয়াই দিছিল যে কিউবাৰ ওপৰত আক্ৰমণ বিশ্বযুদ্ধলৈ পৰিণত হ’ব পাৰে।
১৯৭৪ - যুগোস্লাভিয়াই সংবিধান গৃহীত কৰে।
১৯৭৫ - ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে দখল কৰা আৰব ভূখণ্ডত ইজৰাইলৰ দমনমূলক কাৰ্য্যৰ বাবে তীব্ৰ নিন্দা কৰে।
১৯৮১ - নাছাই কমষ্টাৰ-৪ উপগ্ৰহ উৎক্ষেপণ কৰে।
১৯৮৬ - দক্ষিণ আফ্ৰিকা চৰকাৰে জোহান্সবাৰ্গ আৰু ডাৰবান কৃষ্ণাংগসকলৰ বাবে মুকলি কৰে।
১৯৯০ - কম্বোডিয়াৰ প্ৰধানমন্ত্ৰী হুন চেনে বেংককত ৰাজকুমাৰ ছিহানৌকৰ সৈতে শান্তি আলোচনাত মিলিত হয়।
১৯৯১ - আলবেনিয়াত আৰক্ষীৰ অভ্যুত্থানৰ পিছত ৰাষ্ট্ৰপতিয়ে নতুন চৰকাৰ গঠনৰ কথা ঘোষণা কৰে।
১৯৯২ - চীনে চাংহাই ষ্টক এক্সচেঞ্জত বিদেশীক কাম কৰিবলৈ অনুমতি দিয়ে।
১৯৯৬ - হাবল স্পেচ টেলিস্কোপৰ দ্বাৰা প্ৰেৰণ কৰা ছবি ব্যৱহাৰ কৰি কৃষ্ণগহ্বৰৰ অস্তিত্ব আৱিষ্কাৰ কৰা হয়।
১৯৯৬ - মহাকাশযান ছয়ুজ টি এম ২৩ক কক্ষপথত স্থাপন কৰা হয়।
১৯৯৮ - ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ইৰাকক ৫.২ বিলিয়ন ডলাৰৰ তেল বিক্ৰীৰ অনুমতি দিয়ে।
১৯৯৯ - লাহোৰ ঘোষণা সন্দৰ্ভত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ মাজত চুক্তি হয়।
২০০০ - ভাৰতীয় মূলৰ ৫২ বছৰীয়া উজ্জ্বল দোছাঞ্জ কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ নতুন মুখ্যমন্ত্ৰী (প্ৰধানমন্ত্ৰী) হয়।
২০০১ - ইজৰাইলত ইহুক বাৰাকে মিত্ৰজোঁটৰ চৰকাৰত যোগদান কৰিবলৈ অস্বীকাৰ কৰি ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।
২০০১ - মিলেনিয়ামৰ গ্ৰেণ্ড ইভেণ্টৰ সামৰণি পৰে।
২০০৪ - ছানিয়া মিৰ্জাই লন টেনিছত ডব্লিউ টি এ খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।
২০০৫ - স্পেইনৰ বাসিন্দাসকলে গণভোটত ইউৰোপীয় সংঘৰ সংবিধানক অতিশয় সমৰ্থন কৰে।
২০০৮ - অনিল আম্বানীৰ ৰিলায়েন্স কমিউনিকেশ্যনে উগাণ্ডাৰ কোম্পানী অনুপম গ্ল'বেল চফ্ট অধিগ্ৰহণ কৰে।
২০০৮ - ভাৰতৰ ব্যক্তিগত বিমান সংস্থা জেট এয়াৰৱেজে এয়াৰ কানাডাৰ সৈতে কৌশলগত মিত্ৰতা গঠন কৰে।
২০০৮ - পাকিস্তান পিপলছ পাৰ্টিৰ নেতা আছিফ আলী জাৰ্দাৰী আৰু মুছলিম লীগ (এন) নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে হাত মিলাইছিল।
২০০৯ - হিন্দুস্তান মটৰ্ছে ইয়াৰ মেনেজাৰৰ দৰমহা হ্ৰাস কৰে।
২০১০ - চৌদি আৰৱ চৰকাৰে মহিলাসকলক আইন চৰ্চা কৰিবলৈ অনুমতি দিয়া আইন প্ৰৱৰ্তনৰ সিদ্ধান্ত লয়। এই আইনখনে মহিলাসকলক বিবাহ বিচ্ছেদৰ দৰে পৰিয়াল সম্পৰ্কীয় গোচৰত নিজকে প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ প্ৰদান কৰিব।
২০১০ - বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালে ৫০ মিনিটত বিশ্বৰ আঠ নম্বৰ ঝৌ মিক ১৪-২১, ২১-১০, ২৩-২১ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ লগে লগে থাইলেণ্ডৰ নাখন ৰাটচাচিমাত অনুষ্ঠিত হোৱা উবেৰ কাপ (এছিয়া জ’ন কোৱালিফায়াৰ)ৰ প্ৰথমখন মেচত ভাৰতীয় দলটোৱে হংকঙক ৩-২ ব্যৱধানত পৰাস্ত কৰে।
জন্ম
১৯২৩ - বিশ্বনাথ নাৰায়ণ লাৱাণ্ডে - 'গোৱা মুক্তি আন্দোলন'ৰ এজন বিশিষ্ট নেতা আৰু স্বাধীনতা সংগ্ৰামী আছিল।
১৮৭৮ – ভাৰতীয় আধ্যাত্মিক নেত্ৰী মাতৃ মিৰা আলফাছা (মৃত্যুৰ ১৯৭৩)
১৯০৪ – আলেক্সেই ক’ছিগিন – ছোভিয়েট ইউনিয়নৰ প্ৰধানমন্ত্ৰী।
১৮৯৪ – শান্তি স্বৰূপ ভটনগৰ – বিখ্যাত ভাৰতীয় বিজ্ঞানী।
১৮৯৬ – সূৰ্য্যকান্ত ত্ৰিপাঠী নিৰালা, কবি, ঔপন্যাসিক, প্ৰবন্ধকাৰ, আৰু চুটিগল্পকাৰ।
১৯৮০ – প্ৰতিভা সুৰেশ্বৰন, ভাৰতীয় ৰেচিং চালক।
১৯৫২ – টি আৰ জেলিয়াং – নাগালেণ্ডৰ দশম মুখ্যমন্ত্ৰী।
মৃত্যু
২০২৪ – ফালি এছ নৰিমন – প্ৰখ্যাত ভাৰতীয় আইনবিদ আৰু উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা।
১৯৯১ – হিন্দী চিনেমাৰ অন্যতম বিখ্যাত অভিনেত্ৰী নুতন।
১৯৯৬ - আজিৰ দিনটোতে প্ৰকাশ চন্দ্ৰ ছেঠী - মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
১৯৯০ - যোহৰাবাই আম্বলেৱালি - হিন্দী চিনেমাৰ প্লেবেক গায়ক আৰু ভাৰতীয় শাস্ত্ৰীয় গায়ক।
১৯৭০ - হৰি বিনায়ক পাটাস্কৰ - ভাৰতীয় ৰাজনীতিবিদ আৰু মধ্যপ্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল।
১৮২৯ - আজিৰ দিনটোতে ৰাণী চেন্নম্মা - ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ সৈতে মিল থকা কৰ্ণাটকৰ এগৰাকী নায়িকা আৰু স্বাধীনতা সংগ্ৰামী।
গুৰুত্বপূৰ্ণ দিন
আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস
हिन्दुस्थान समाचार / অৰৱিন্দ