
বিশ্বনাথ, ২০ ফেব্ৰুৱাৰী (হি.স.)। বিশ্বনাথ জিলাৰ চতিয়াৰ এল বি ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে দুজনকৈ বাইক আৰোহী।
জানিব পৰামতে, আপাচি আৰু চুপাৰ স্পেলেণ্ডৰ বাইকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটি হৈছে। দুৰ্ঘটনাটোত এগৰাকী বাইক আৰোহীৰ এখন ভৰি সম্পূৰ্ণ ৰূপে ভাগি গৈছে। ঘটনাৰ পিছতে ১০৮ সেৱাৰ জৰিয়তে আহত দুয়োকে চিকিৎসাৰ বাবে বিশ্ব বিশ্বনাথ চাৰিআলিলৈ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছে৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা