

নতুন দিল্লী, ২০ ফেব্ৰুৱাৰী (হি.স.)। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে সন্ধিয়া নতুন দিল্লীত ছয়খন ৰাজ্যৰ ৰাজ্যিক কংগ্ৰেছৰ সভাপতি আৰু বিধানসভা দলৰ নেতাৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, ৰাজস্থান, আৰু মহাৰাষ্ট্ৰৰ নেতাসকলে অংশগ্ৰহণ কৰে। বৈঠকত কংগ্ৰেছে কৃষকৰ স্বাৰ্থৰ বিৰুদ্ধে বুলি অভিহিত কৰা আমেৰিকা-ভাৰত বাণিজ্য চুক্তিৰ বিষয়ে চৰ্চা কৰা হয়।
বৈঠকৰ অন্তত খৰ্গে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত উল্লেখ কৰে যে মোডী চৰকাৰে এই বাণিজ্যিক চুক্তিত কৃষকৰ অধিকাৰৰ সৈতে আপোচ কৰিছে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ কঁপাহ, ছয়াবিন, মাকৈ, আৰু ফল-মূল আৰু বাদাম উৎপাদকসকলৰ ওপৰত পৰিব। কংগ্ৰেছে কৃষকৰ অধিকাৰ ৰক্ষাৰ বাবে কৃষক সন্মিলনৰ আয়োজন কৰি এই বিষয়টো প্ৰতিখন গাঁৱলৈ লৈ যাব।
বৈঠকৰ অন্তত সাংবাদিকৰ আগত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে এই চুক্তি দেশৰ বাবে হিতকৰ নহয়। ইয়াৰ প্ৰভাৱ প্ৰথম অৱস্থাত এই ছয়খন ৰাজ্যৰ কৃষকসকলৰ ওপৰত অনুভৱ কৰা হ’ব। ৰমেশে কয় যে ২৪ ফেব্ৰুৱাৰীত ভূপালত প্ৰথম কৃষক সন্মিলন অনুষ্ঠিত হ’ব, য’ত খৰ্গে আৰু ৰাহুল গান্ধী দুয়োজনেই অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে ৭ মাৰ্চত যৱতমল (মহাৰাষ্ট্ৰ)ত আৰু মাৰ্চ মাহত শ্ৰীগংগনগৰ (ৰাজস্থান)ত সন্মিলন অনুষ্ঠিত হ’ব।
ৰমেশে কয় যে ৯ মাৰ্চৰ পৰা সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে ভূপাল আৰু যৱতমলত অনুষ্ঠিত হ’ব সন্মিলন। এই বাণিজ্য চুক্তিয়ে লাখ লাখ কৃষকৰ জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি অভিযোগ উত্থাপন কৰে। কৃষক সংগঠন সমূহে কৃষি আইন তিনিখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ দৰে কংগ্ৰেছেও কৃষক সংগঠনৰ লগতে এই চুক্তিৰ বিৰোধিতা কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ