
নতুন দিল্লী, ২০ ফেব্ৰুৱাৰী (হি.স.)। কংগ্ৰেছ দলে বিনোদ জাখৰক ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সন্থাৰ নতুন ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিযুক্তি দিয়ে। এই নিযুক্তি তৎক্ষণাত কাৰ্যকৰী হ’ব।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে শুকুৰবাৰে কয় যে কংগ্ৰেছৰ সভাপতিয়ে বিনোদ জাখৰক এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিযুক্তি দিছে। প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি বৰুণ চৌধুৰীৰ অৱদান আৰু সংগঠনটোৰ বাবে কৰা কামৰ শলাগ লৈছে দলটোৱে।
ৰাজস্থানৰ পৰা অহা বিনোদ জাখৰে ইয়াৰ পূৰ্বে ৰাজ্যিক পৰ্যায়ত সংগঠনটোত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। তেওঁৰ নিযুক্তিক সংগঠনটোৰ এক উল্লেখযোগ্য পৰিৱৰ্তন হিচাপে দেখা গৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া