
শোণিতপুৰ, ২০ ফেব্ৰুৱাৰী (হি.স.)। শোণিতপুৰৰ ফুলবাৰী চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ত নিশা সংঘটিত হয় এক চুৰিকাণ্ড। নিশা চোৰে লৈ যায় বিদ্যালয় খনৰ ৫ লাখ টকাৰ সা–সামগ্ৰী। বিদ্যালয় খনৰ শ্ৰেণী কোঠাত থকা টিভি,কণ কণ ছাত্ৰ ছাত্ৰীৰ বহিবলৈ দিয়া চকীকে আদি কৰি বিভিন্ন সামগ্ৰী বিদ্যালয় খনৰ তলা ভাঙি চোৰে লৈ যায়।
ইতিমধ্যে ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে বিভাগীয় কতৃপক্ষক বিষয়টো অবগত কৰিছে। স্থানীয় সচেতন ৰাইজে চোৰৰ সন্ধান উলিয়াই কঠোৰ শাস্তি দিবলৈ আৰক্ষীক দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু