
ধুবুৰী, ২০ফেব্ৰুৱাৰী (হি.স.)। নিশা চাপৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ সহ আটক এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ী।এক গোপন সুত্ৰৰ পোম খেদি চাপৰ আৰক্ষীয়ে দুটাকৈ চাবোনৰ বাকচত ড্ৰাগছ সৰবৰাহৰ সময়ত হাতে লোটে জব্দ কৰিবলৈ সক্ষম হয় ড্ৰাগছ সহ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জনক।
জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় দুই লক্ষাধিক হব বুলি জানিব পৰা গৈছে। আটক ড্ৰাগছ ব্যৱসায়ী জনক জিয়াউৰ ৰহমান বুলি জানিব পৰা যায়।
চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপুমনি চৌধুৰীৰ নেতৃত্বত চাপৰৰ বহলপুৰত চলিছিল এই অভিযান। পিছলৈ আটকাধীন জিয়াউৰ ৰহমানক লৈ টোটপাৰাস্থিত বাসগৃহত আৰক্ষীয়ে চলায় অভিযান।
আটকাধীন ড্ৰাগছ ব্যৱসায়ী জনক বৰপেটাৰ পৰা নিষিদ্ধ ড্ৰাগছখিনি কঢ়িয়াই আনিছিল আৰু বিগত এবছৰ ধৰি এই ব্যৱসায় কৰি আছে বুলি নিজে জানিব দিয়ে। পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ গোচৰ জিয়াউৰ ৰহমান ছয় বছৰতকৈ অধিক কাল জেল হাজোতত আছিল। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা