নাজিৰাত বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ সহ এজন মেজিক চালকক আটক
শিৱসাগৰ, ২০ ফেব্ৰুৱাৰী (হি.স.)।চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্য়ৰ ভিত্তিত আৰক্ষীৰ অভিযানত নাজিৰা শিমলুগুৰি আৰক্ষী থানাৰ সন্মুখত নিশা বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ সহ এজন মেজিক চালকক আটক কৰিব সক্ষম হয় । দিৰ্ঘ দিনৰ পৰা তেওৰ মেজিক গাড়ী খনেৰে যাত্ৰী অনা ন
নাজিৰাত বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ সহ এজন মেজিক চালকক আটক


শিৱসাগৰ, ২০ ফেব্ৰুৱাৰী (হি.স.)।চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্য়ৰ ভিত্তিত আৰক্ষীৰ অভিযানত নাজিৰা শিমলুগুৰি আৰক্ষী থানাৰ সন্মুখত নিশা বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ সহ এজন মেজিক চালকক আটক কৰিব সক্ষম হয় । দিৰ্ঘ দিনৰ পৰা তেওৰ মেজিক গাড়ী খনেৰে যাত্ৰী অনা নিয়াৰ চলেৰে গোপনে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ কৰিছিল।

আটক কৰা মেজিক চালক জনৰ নাম জনকৈ গগৈ । শিৱসাগৰ নগৰৰ পলখনিৰ পৰা শিমলুগুৰি নগৰলৈ সৰবৰাহ কৰিছিল ব্ৰাউন ছুগাৰখিনি । মেজিকখনৰ নম্বৰ এএছ-০৪-এচি ৩৯১৬ ।আৰক্ষীৰ জিম্মাত থকা ড্ৰাগছ সৰবৰাহকাৰী জনক বৰ্তমান অধিক তথ্য় সংগ্ৰহ কৰিবলৈ জেৰা চলাই থকা হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande