২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ‌ পূৰ্বে অসমৰ বঙালী সকলৰ সমস্য়া সমাধানৰ দাবী
ধুবুৰী, ২০ ফেব্ৰুৱাৰী (হি.স.)।২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ‌ পূৰ্বে অসমৰ বঙালী সকলৰ সমস্য়া সমাধানৰ দাবী। বিলাসীপাৰাৰ সাপটগ্ৰামত শুকুৰবাৰে বিয়লি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সংবাদমেল । সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যত ব
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ‌ পূৰ্বে অসমৰ বঙালী সকলৰ সমস্য়া সমাধানৰ দাবী


ধুবুৰী, ২০ ফেব্ৰুৱাৰী (হি.স.)।২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ‌ পূৰ্বে অসমৰ বঙালী সকলৰ সমস্য়া সমাধানৰ দাবী। বিলাসীপাৰাৰ সাপটগ্ৰামত শুকুৰবাৰে বিয়লি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সংবাদমেল । সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যত বসবাস কৰি অহা বঙালী জনগোষ্ঠীৰ জলন্ত সমস্যা সমূহ সমাধানৰ দাবী ।বিধানসভা নিৰ্বাচনৰ‌ পূৰ্বে সমস্যা সমাধান নকৰিলে বঙালী অধ্যুষিত সমষ্টি সমূহত নিজা ববীয়াকৈ প্ৰাৰ্থী দিয়াৰো হুংকাৰ সংগঠনটোৰ ।

সদায় বিজেপি দলক ভোট প্ৰদান কৰি অহাৰ পিছতো জনগোষ্ঠীটোক চৰম প্ৰতাৰণা কৰি অহাৰ অভিযোগ । দীৰ্ঘদিনৰে পৰা জনগোষ্ঠীটোৰ জলন্ত সমস্যা সমূহ যেনে ডি-ভোটাৰ সমস্যা, ভুমিৰ সমস্যা, ৰাজনৈতিক সমস্যা আদি সমাধানৰ ক্ষেত্ৰত বিজেপি চৰকাৰ খনে গুৰুত্ব আৰোপ নকৰাত সৰৱ হৈ পৰিছে জনগোষ্ঠীটো। আগন্তুক বিধানসভা নিৰ্বাচনত বঙালী অধ্যুষিত সমষ্টি বোৰত অতি কমেও ১০ জন বঙালী প্ৰাৰ্থী প্ৰদান নকৰিলে জনগোষ্ঠীটো নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰাৰো হুংকাৰ দিয়ে ।

নিজে নিজিকেলও বি জে পিক হৰুৱাব বুলি হুংকাৰ প্ৰদান কৰে ।এই ক্ষেত্ৰত বিজেপি দলে কি ব্যৱস্থা গ্ৰহন কৰিব সেয়া হ'ব লক্ষণীয় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande