যোৰহাট আৰ আৰ এল নেইষ্টত ভয়ংকৰ অগ্নিকাণ্ড
যোৰহাট, ২০ ফেব্ৰুৱাৰী (হি স)। যোৰহাটৰ উত্তৰ-পূব আঞ্চলিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ নেৰিষ্ট ( RRL NEIST)ৰ চৌহদত যোৱাকালি বৃহস্পতিবাৰে নিশা ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। প্ৰতিষ্ঠানখনৰ কেমিকেল ষ্ট''ৰত নিশা সংঘটিত হয় এই অগ্নিকাণ্ড। অ
যোৰহাট RRL NEIST ভয়ংকৰ অগ্নিকাণ্ড l


যোৰহাট, ২০ ফেব্ৰুৱাৰী (হি স)। যোৰহাটৰ উত্তৰ-পূব আঞ্চলিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ নেৰিষ্ট ( RRL NEIST)ৰ চৌহদত যোৱাকালি বৃহস্পতিবাৰে নিশা ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। প্ৰতিষ্ঠানখনৰ কেমিকেল ষ্ট'ৰত নিশা সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত বিষ্ফোৰণ কেইবাটাও চিলিণ্ডাৰ l ইয়াৰ হোৱাৰ ফলত কেম্পাছত আতংকৰ সৃষ্টি হয়।

খবৰ অনুসৰি প্ৰতিষ্ঠানটোৰ এটা অট্টালিকাত হঠাতে অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ দল উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টা আৰম্ভ কৰে। এই অগ্নিকাণ্ডৰ ফলত সা-সম্পত্তিৰ যথেষ্ট ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে এই পৰ্যন্ত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰি থকা হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande