



কোকৰাঝাৰ, ২০ ফেব্ৰুৱাৰী (হি.স.)। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত আজি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে পি এম-অভিম (PM-ABHIM) আঁচনিৰ অন্তৰ্গত ৫০ খন বিচনাযুক্ত ক্ৰিটিকেল কেয়াৰ হাস্পতাল ব্লক নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে আৰু ভূমি পূজন সম্পন্ন কৰা হয়। অনুষ্ঠানত বিটিচিৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছাত বসুমতাৰীয়েও উপস্থিত থাকে।
উক্ত প্ৰকল্পটো ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে আৰু ইয়াৰ আনুমানিক ব্যয় ধাৰ্য কৰা হৈছে ২৩.৭৫ কোটি টকা। প্ৰস্তাৱিত অট্টালিকাত ৰোগীৰ সুৰক্ষা আৰু সুষ্ঠ পৰিচালনা নিশ্চিত কৰাৰ উদ্দেশ্যে অগ্নিনিৰ্বাপক ব্যৱস্থা আৰু ফায়াৰ এলাৰ্ম ব্যৱস্থা আদি অত্যাৱশ্যকীয় সেৱা সমূহ সন্নিবিষ্ট থাকিব। লগতে বিটিচি প্ৰধান মহিলাৰীয়ে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত নতুনকৈ নিৰ্মিত মাতৃ আৰু শিশু স্বাস্থ্য শাখাৰ শুভ উদ্বোধন কৰে। এই শাখাটো প্ৰায় ১৫ দিনৰ ভিতৰত সাধাৰণ ৰাইজৰ বাবে কাৰ্যক্ষম হ’ব বুলি আশা কৰা হৈছে। উদ্বোধনৰ পিছত তেওঁ শাখাটোৰ পৰিদৰ্শন কৰি উপলব্ধ সেৱা সমূহৰ পৰ্যালোচনা কৰে।
ইয়াৰ পিছত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱন নিৰ্মাণৰ বাবে ভূমি পূজন সম্পন্ন কৰে। হাৰিনাগুৰীত অনুষ্ঠিত এই কাৰ্যসূচীত কাৰ্যবাহী সদস্য দেৰহাছাত বসুমতাৰী, এমচিএলএ জুবিৰাজ বসুমতাৰী আৰু ধনেশ্বৰ গয়াৰী আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক গণেশ চন্দ্ৰ ৱাৰীসহ আন আন গণ্যমান্য ব্যক্তি উপস্থিত আছিল।
ইয়াৰ উপৰিও বিটিচি প্ৰধানে কোকৰাঝাৰ জিলাৰ হালোৱাডাল গাঁৱত ১০ কোটি টকাৰ ব্যয়ে এক অত্যাধুনিক ডিজিটেল ষ্টুডিঅ’ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। প্ৰস্তাৱিত ষ্টুডিঅ’টোত চলচ্চিত্ৰ নিৰ্মাণ, ডিজিটেল সামগ্ৰী সৃজন আৰু সৃজনশীল উদ্যোগ সমূহক উতসাহিত কৰাৰ লক্ষ্যৰে মুভি শুটিং, চেট ডিজাইন, এনিমেশ্যন, অডিঅ’ ৰেকৰ্ডিং আৰু ভিএফএক্স (VFX) প্ৰডাকশ্যনৰ দৰে সুবিধা সমূহ উপলব্ধ থাকিব। প্ৰকল্পটোৱে স্থানীয় যুৱক-যুৱতী সকলৰ দক্ষতা উন্নয়ন আৰু সংস্থাপন সুযোগ বৃদ্ধি কৰাৰ লগতে বিটিচি আৰু অসমৰ ক্ষেত্ৰত কোকৰাঝাৰক ডিজিটেল মিডিয়া আৰু সৃজনশীল কলাৰ আঞ্চলিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ