যোৰহাট ৰে'ল ষ্টেচনত সজীৱ গুলী সহ দুটা পিষ্টল উদ্ধাৰ
যোৰহাট আৰক্ষীৰ সফলতা।
যোৰহাট ৰে'ল ষ্টেচনত সজীৱ গুলী সহ দুটা পিষ্টল উদ্ধাৰ


যোৰহাট, ২০ ফেব্ৰুৱাৰী (হি.স.): যোৰহাট ৰে'ল ষ্টেচনত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া সজীৱ গুলী সহ দুটা পিষ্টল উদ্ধাৰ কৰা হৈছে। ইণ্টাৰচিটি এক্সপ্ৰেছত এহাল দম্পত্তিৰ পৰা উদ্ধাৰ কৰা হয় পইণ্ট ৩২ পিষ্টল দুটা আৰু ৪০ ৰাউণ্ড সজীৱ গুলী।

উল্লেখ্য যে উদ্ধাৰ কৰা পিষ্টলৰ ভিতৰত এটা থাইলেণ্ডত নিৰ্মিত আৰু আনটো ৰাছিয়াত নিৰ্মিত। যোৰহাট আৰক্ষীয়ে লাভ কৰে এই সফলতা। এই অভিযানৰ নেতৃত্ব দিয়ে যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেছ হাজৰিকাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande