
তামুলপুৰ, ২০ ফেব্ৰুৱাৰী (হি.স.)। তামুলপুৰত বাল্য বিবাহৰ বিৰুদ্ধে আৰু শিশু সুৰক্ষাৰ স্বাৰ্থত আজি এক বিশেষ সজাগতামূলক ৰথ যাত্ৰা উলিওৱা হয়। আসাম চেণ্টাৰ ফ'ৰ ৰুৰেল ডেভেলপমেণ্ট (ACRD), জিলা প্ৰশাসন আৰু শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ যুটীয়া উদ্যোগত উলিওৱা এই ৰথ যাত্ৰাৰ শুভ উদ্বোধন কৰে অতিৰিক্ত আয়ুক্ত ডঃ দীপাংকৰ নাথ আৰু চিডিপিঅ ৰূপজ্যোতি বৰগোহাঁয়ে।
সমগ্ৰ জিলা পৰিভ্ৰমণ কৰিবলগীয়া এই ৰথৰ পিছফালে থকা বেনাৰত চহী কৰি উপস্থিত সকলোৱে শিশু সুৰক্ষাৰ সংকল্প গ্ৰহণ কৰে। এচিআৰডিৰ জিলা সমন্বয়ক চিমি বৰ্মণ আৰু চি.ডব্লিউ.চি সদস্য গোলাপ দাসে সংবাদ মাধ্যমৰ আগত বাল্য বিবাহৰ আইনী পৰিণতিৰ বিষয়ে সজাগ কৰি যিকোনো জৰুৰী অৱস্থাত ১০৯৮ বা ১১২ নম্বৰত যোগাযোগ কৰিবলৈ ৰাইজক আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু