
গুৱাহাটী, ২০ ফেব্ৰুৱাৰী (হি.স.)। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে অসমৰ সাহিত্য-সংস্কৃতি আৰু শিক্ষা জগতৰ অন্যতম মহীৰূহ ড° ভবেন্দ্ৰ নাথ শইকীয়াক জন্ম বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যৰ সাহিত্য আৰু সাংস্কৃতিক জীৱনলৈ তেওঁৰ অমূল্য অৱদানৰ কথা স্মৰণ কৰে মুখ্যমন্ত্ৰীয়ে।
ছ’চিয়েল মিডিয়াৰ বাৰ্তাত মুখ্যমন্ত্ৰীয়ে ড০ শইকীয়াক বিশিষ্ট ব্যক্তিত্ব আৰু গভীৰ চিন্তাবিদ বুলি অভিহিত কৰি কয় যে তেওঁ নিজৰ জ্ঞান আৰু প্ৰজ্ঞাৰে অসমৰ জনগোষ্ঠীয় জীৱন সমৃদ্ধ কৰিছিল। তেওঁ কয় যে সমাজ, সাহিত্য, সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰত ড° শইকীয়াৰ অমলিন উপস্থিতি আছিল।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁৰ অনুশাসন, গভীৰ অন্তৰ্দৃষ্টি আৰু বিভিন্ন বিষয়ৰ ব্যাপক প্ৰজ্ঞাই প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। তেওঁ কয় যে তেওঁৰ মৃত্যুৰ পাছতো তেওঁৰ বিস্তৃত সৃষ্টিশীল কৰ্মই অসমীয়া সাহিত্য-সংস্কৃতিক সমৃদ্ধ আৰু উন্নীত কৰি ৰাখিছে।
এই শুভ জন্ম বাৰ্ষিকীত মুখ্যমন্ত্ৰীয়ে বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁক অসমৰ অন্যতম গৌৰৱান্বিত সন্তান হিচাপে স্মৰণ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া