
গুৱাহাটী, ২০ ফেব্ৰুৱাৰী (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি কেবিনেট সতীর্থ কৌশিক ৰায়ক জন্মদিনৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাজ্যখনৰ উন্নয়নত তেওঁৰ অৱদানৰ প্রশংসা কৰে৷
ছ’চিয়েল মিডিয়াৰ বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে ৰায়ে প্ৰতিজন যোগ্য হিতাধিকাৰীৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ লগতে বৰাক উপত্যকাক কেন্দ্ৰ কৰি উন্নয়নমূলক পদক্ষেপ ত্বৰান্বিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰি আছে। তেওঁ কয় যে ৰাজ্যবাসীক সবলীকৰণৰ বাবে মন্ত্ৰীগৰাকীয়ে নিষ্ঠাৰে কাম কৰি আছে।
ড° শৰ্মাই কামাখ্যা দেৱী আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত প্ৰাৰ্থনা কৰি ৰায়ৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি একে নিষ্ঠাৰে ‘আই অসমীয়া’ সেৱা আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া