বৰপেটা ৰোডত দিন দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড, ১২ কোটি টকাৰ গহণা আৰু নগদ ধন লুট
বৰপেটা ৰোড, ২০ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্যৰ বৰপেটা ৰোডত আজি দিনৰ পোহৰতে সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। দুৰ্বৃত্তই চেংকো গোল্ড শ্ব’ৰুমত লক্ষ্য কৰি প্ৰায় ১২ কোটি টকাৰ গহণা আৰু নগদ ধন লুটপাত কৰে। খবৰ অনুসৰি, চহৰৰ মাজমজিয়াত থকা চেংকো গোল্ড এণ
বৰপেটা ৰোডত দিন দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড, ১২ কোটি টকাৰ গহণা আৰু নগদ ধন লুট


বৰপেটা ৰোড, ২০ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্যৰ বৰপেটা ৰোডত আজি দিনৰ পোহৰতে সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। দুৰ্বৃত্তই চেংকো গোল্ড শ্ব’ৰুমত লক্ষ্য কৰি প্ৰায় ১২ কোটি টকাৰ গহণা আৰু নগদ ধন লুটপাত কৰে।

খবৰ অনুসৰি, চহৰৰ মাজমজিয়াত থকা চেংকো গোল্ড এণ্ড ডাইমণ্ডছৰ শ্ব’ৰুমত ৫জনীয়া এটা দলে গ্ৰাহকৰ ৰূপ লৈ প্ৰৱেশ কৰে। মাস্ক পৰিধান কৰি হিন্দী ভাষাত কথা কোৱা একাংশ যুৱকে প্ৰথমে শ্ব’ৰুমৰ চিচিটিভি কেমেৰাৰ সংযোগ বিচ্ছিন্ন কৰি তাৰ পিছত দুষ্কাৰ্য সংঘটিত কৰে।

অভিযুক্তই পিষ্টল দেখুৱাই কৰ্মচাৰীক পণবন্দী কৰি ৰাখিছিল বুলি জানিব পৰা গৈছে। ডকাইতে কৰ্মচাৰীক ভাবুকি দি হাত-ভৰি বান্ধি পিষ্টল দেখুৱাই প্ৰায় ডেৰ ঘণ্টা ধৰি সোণ-ৰূপৰ গহণা আৰু নগদ ধন লুটপাত কৰে। সোণ আৰু হীৰাৰ গহণা লৈ পলায়ন কৰাৰ পূৰ্বে একাংশ কৰ্মচাৰীক আক্ৰমণ কৰাৰ লগতে চিচিটিভি কেমেৰাৰ ক্ষতিসাধন কৰা বুলিও জানিব পৰা গৈছে।

এই সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অভিযুক্তৰ সন্ধান আৰম্ভ কৰে।

हिन्दुस्थान समाचार


 rajesh pande