দুদিনীয়া ভ্ৰমণসূচীৰে অসমত গৃহমন্ত্ৰী অমিত শ্বাহ, কাটিগড়া অঞ্চলৰ নাতানপুৰ সীমান্ত পৰিদৰ্শন
কাছাৰ, ২০ ফেব্ৰুৱাৰী (হি.স.)। দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ। আজি শুকুৰবাৰে দিনৰ ভাগত শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত উপস্থিত হয় দেশৰ গৃহমন্ত্ৰীগৰাকী। মন কৰিবলগীয়া যে স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ ভাৰতৰ কোনো গৃহমন্ত
অমিত শ্বাহ


কাছাৰ, ২০ ফেব্ৰুৱাৰী (হি.স.)। দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ। আজি শুকুৰবাৰে দিনৰ ভাগত শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত উপস্থিত হয় দেশৰ গৃহমন্ত্ৰীগৰাকী। মন কৰিবলগীয়া যে স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ ভাৰতৰ কোনো গৃহমন্ত্ৰী আহিছে অসমৰ কাছাৰ জিলাৰ কাটিগড়া অঞ্চললৈ। নাতানপুৰত গৃহমন্ত্ৰী অমিত শ্বাহে ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ত অংশগ্ৰহণ কৰিছে। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে কোনো শীৰ্ষ নেতাৰ পদধূলি পৰিছে সীমান্তৱৰ্তী নাতানপুৰ গাঁৱত। নাতানপুৰ সীমান্ত আউটপ’ষ্ট পৰিদৰ্শনো কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিলচৰৰ কাটিগড়া বিধানসভা সমষ্টিৰ নাতানপুৰ সীমান্তত উদ্বোধন কৰিলে ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম-২’ৰ। ইয়াৰ জৰিয়তে বাংলাদেশ সীমান্তৱৰ্তী গাঁওসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু জীৱনৰ মান উন্নিত কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দ্বিতীয় পৰ্যায়ৰ ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম আনুষ্ঠানিকভাৱে উদ্বোধন কৰি সীমান্তৱৰ্তী গাঁওসমূহৰ সামগ্ৰিক উন্নয়নৰ দিশত নতুন অধ্যায়ৰ সূচনা কৰে। এই পদক্ষেপ ‘বিকশিত ভাৰত ২০৪৭’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ৰূপায়ণ কৰা হৈছে। এই পদক্ষেপৰ মূল লক্ষ্য হৈছে- আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত অৱস্থিত দুৰ্গম আৰু উন্নয়নৰ পৰা বঞ্চিত গাঁওসমূহক অবকাঠামো, জীৱিকা আৰু সামাজিক সুবিধাৰে শক্তিশালী কৰা। ইয়াৰ পাছতে তেওঁ এখন বিশাল জনসভাত অংশ লয়।

আজি দ্বিতীয় পৰ্যায়ৰ ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম আনুষ্ঠানিকভাৱে উদ্বোধন কৰি অমিত শ্বাহে কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ উল্লেখ কৰে যে, পূৰ্বে সীমান্তৱৰ্তী গাঁওসমূহ বহু দিশত অবহেলিত হৈ আছিল। কিন্তু এতিয়া সেই গাঁওসমূহক “দেশৰ শেষ গাঁও” নহয়, “দেশৰ প্ৰথম গাঁও” হিচাপে বিবেচনা কৰা হৈছে। পথ-ঘাট, বিদ্যুৎ, পানী, মোবাইল আৰু ইণ্টাৰনেট সংযোগকে ধৰি সকলো আধুনিক সুবিধাৰে গাঁওসমূহ উন্নত কৰা হ’ব বুলি তেওঁ আশ্বাস প্ৰদান কৰে।কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে, এই আঁচনিৰ জৰিয়তে অসমৰ প্ৰায় ১৪০খন সীমান্ত গাঁও উন্নয়নমূলক সুবিধা লাভ কৰিব। লগতে পাকিস্তান আৰু বাংলাদেশ সীমান্তসংলগ্ন প্ৰায় ২ হাজাৰ গাঁৱত এই প্ৰকল্প আৰম্ভ কৰা হৈছে। আঁচনিখন ভাৰত চৰকাৰৰ উদ্যোগত ৰূপায়ণ কৰা হৈছে আৰু ই দেশজুৰি একাধিক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বাস্তৱায়ন কৰা হ’ব।

ভাষণ প্ৰসংগত তেওঁ লগতে উল্লেখ কৰে যে, অসম দীৰ্ঘদিন ধৰি অনুপ্ৰৱেশ সমস্যাৰে জৰ্জৰিত আছিল। কংগ্ৰেছ চৰকাৰে অনুপ্ৰৱেশকাৰীৰ বাবে সীমান্ত উন্মুক্ত কৰি ৰাখিছিল। পূৰ্বৰ চৰকাৰে সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ লোৱা নাছিল বুলিও অমিত শ্বাহে অভিযোগ উত্থাপন কৰে। বৰ্তমানৰ চৰকাৰে সীমান্ত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি অনুপ্ৰৱেশ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ দাবী কৰে। লগতে অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি আইন অনুসাৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ পদক্ষেপ। ইয়াৰ লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দূৰৱৰ্তী গাঁওসমূহৰ আন্তঃগাঁথনি ব্যাপকভাৱে উন্নয়ন আৰু জীৱনৰ মান উন্নত কৰা। ২০২২-২৩ চনৰ পৰা ২০২৫-২৬ চনলৈ (পৰ্যায়-১) আৰু পৰৱৰ্তী পৰ্যায়ত ২০২৮-২৯ চনলৈকে এই কাৰ্যসূচীৰ বাবে ৬,৮৩৯ কোটি টকা আবণ্টন দিয়া হৈছে। আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলৰ পৰা প্ৰব্ৰজন ৰোধ, পৰ্যটন আৰু স্থানীয় জীৱিকাৰ সৃষ্টি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই বৃহৎ পৰিমাণৰ ধন আবণ্টন দিছে।

দৰাচলতে পাকিস্তান আৰু চীনৰ গাতে লাগি থকা আন্তঃৰাষ্ট্ৰীয় সীমান্তত ‘ভাইব্ৰেণ্ট ভিলেজ’ কাৰ্যসূচী দীৰ্ঘদিন ধৰি চলি আহিছে। শেহতীয়াকৈ ভাৰতৰ চুবুৰীয়া বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতিৰ পর্যালোচনা কৰি বাংলাদেশৰ সীমান্ততো এই কার্যসূচী আয়োজন কৰাৰ প্রয়োজনীয়তা অনুভৱ কৰিছে। সেয়ে কেন্দ্রীয় চৰকাৰে অসমত প্রথমবাৰৰ বাবে কাছাৰৰ কাটিগড়া বিধানসভা সমষ্টিৰ নাতানপুৰ সীমান্তত 'ভাইব্ৰেণ্ট ভিলেজ’ কার্যসূচী আয়োজন কৰিছে৷

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande