শ্রীভূমিৰ ৰাতাবাৰীত বিদ্যুৎ পৰিবাহী তাৰ ছিগি এজনৰ মৃত্যু
শ্রীভূমি, ২০ ফেব্ৰুৱাৰী (হি.স.)। শ্রীভূমিৰ ৰাতাবাৰীত বিদ্যুৎ পৰিবাহী তাৰ ছিগি এগৰাকী লোকৰ মৃত্যু । ৰাতাবাড়ি থানাৰ অন্তৰ্গত তাৰপিনছড়া চাহ বাগান এলেকাত আজি বিদ্যুৎ পৰিবাহী উচ্চক্ষমতাৰ তাৰ ছিগি পৰাৰ ফলত ৬৫ বছৰীয়া আব্দুল ছামাদ নামৰ এজন প্ৰৌঢ়ৰ শোকা
শ্রীভূমিৰ ৰাতাবাৰীত বিদ্যুৎ পৰিবাহী তাৰ ছিগি এজনৰ মৃত্যু


শ্রীভূমি, ২০ ফেব্ৰুৱাৰী (হি.স.)। শ্রীভূমিৰ ৰাতাবাৰীত বিদ্যুৎ পৰিবাহী তাৰ ছিগি এগৰাকী লোকৰ মৃত্যু । ৰাতাবাড়ি থানাৰ অন্তৰ্গত তাৰপিনছড়া চাহ বাগান এলেকাত আজি বিদ্যুৎ পৰিবাহী উচ্চক্ষমতাৰ তাৰ ছিগি পৰাৰ ফলত ৬৫ বছৰীয়া আব্দুল ছামাদ নামৰ এজন প্ৰৌঢ়ৰ শোকাৱহ মৃত্যু হয়।

নিহত লোকজনে গৰু চৰাবলৈ গৈ থাকোঁতে তাৰডাল তেওঁৰ ওপৰত পৰি বিদ্যুৎ স্পৰ্শত ঘটনাস্থলীতে লুটিয়াই পৰে। স্থানীয় লোকে তেওঁক তৎকালীনভাৱে চৰগোলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ঘটনাৰ খবৰ পাই আৰক্ষী উপস্থিত হৈ আইনী প্ৰক্ৰিয়া সম্পন্ন কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্ৰীভূমি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে। এই ঘটনাক লৈ অঞ্চলটোত শোকৰ ছাঁ নামি আহিছে। স্থানীয় ৰাইজে অভিযোগ কৰে যে, পুৰণি আৰু জৰাজীৰ্ণ বিদ্যুৎ তাৰৰ মেরামতি নকৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে আৰু পৰিয়ালটোৰ বাবে ক্ষতিপূৰণৰ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande